গুৱাহাটীঃ গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দুই নেতা শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰৰ৷ দেশদ্ৰোহী গোচৰত কাৰাবন্দী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰৰ জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে৷ বিগত প্ৰায় ৫০ দিন কাৰাবন্দী হৈ থাকি মুকলি আকাশৰ তললৈ অহাৰ পথ প্ৰশস্ত হ’ল দুই নেতাৰ৷