কোকৰাঝাৰঃ আইনী যুঁজৰ অন্তত অৱশেষত জামিন মঞ্জুৰ বিধায়ক জীগনেশ মেৱানীৰ। তিনিদিনৰ আৰক্ষী জিম্মা উকলি যোৱাৰ পিছত দেওবাৰৰ পৰা কোকৰাঝাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰৰ জামিনক লৈ বিচাৰাধীন হৈ থকাৰ পিছত আদালতে আজি জামিন মঞ্জুৰ কৰে। অধিবক্তাই সদৰি কৰা মতে কোকৰাঝাৰ সদৰ থানাত ৰজু হৈ থকা গোচৰৰ বিপৰীতে বিধায়ক জীগনেশ মেৱানীৰ জামিন মঞ্জুৰ হৈছে। ৩০ হাজাৰ টকা বণ্ড আৰু পাঁচটা চৰ্তৰ বিনিময়ত জামিন মঞ্জুৰ হোৱা বুলি সদৰি কৰি তেওঁৰ অধিবক্তাই বিধায়কগৰাকীক আন কোনো গোচৰত অভিযুক্ত নকৰিলে শীঘ্ৰেই মুকলি আকাশৰ তললৈ ওলাই আহিব বুলি আশা প্ৰকাশ কৰিছে।