ডিজিটেল ডেস্কঃ জাপানৰ প্ৰধানমন্ত্ৰী ৰূপে নিৰ্বাচিত হৈছে ইয়োচিহাইড চুগা৷ ৮ বছৰৰ অন্তত নতুন নেতা প্ৰধানমন্ত্ৰী নিৰ্বাচিত হৈছে জাপানত৷ ক’ৰোনাকালত বিধ্বস্ত জাপানৰ অৰ্থনীতিসহ কেইবাটাও প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব চুগা৷ জাপানৰ লিবাৰেল ডেমক্ৰেটিক নেত্বাধীন মিত্ৰজোঁটৰ শাসকীয় পক্ষই সদনৰ সহমতত ইয়োচিহাইড চুগাক বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰাৰ পিছতে প্ৰধানমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিবলৈ সাজু হয়৷
যোৱা ২৮ আগষ্টত জাপানৰ প্ৰধানমন্ত্ৰী চিনজৌ আবেই প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল৷ দীৰ্ঘকাল অসুস্থ হৈ চিকিৎসাধীন প্ৰধানমন্ত্ৰী আবেই স্ব-ইচ্ছাই পদত্যাগ কৰিছিল৷ দীৰ্ঘকাল স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকা জাপানৰ প্ৰধানমন্ত্ৰী চিনজৌ আবেয়ে প্ৰধানমন্ত্ৰী পদ এৰে৷