ডিজিটেল ডেস্কঃ ৰয়টাৰ্ছৰ খবৰ মতে জাপানৰ প্ৰধানমন্ত্ৰী চিনজৌ আবেই শুকুৰবাৰে প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে৷ দীৰ্ঘকাল অসুস্থ হৈ চিকিৎসাধীন প্ৰধানমন্ত্ৰী আবেই স্ব-ইচ্ছাই পদত্যাগ কৰিছে বুলি ৰয়টাৰ্ছৰ খবৰত কোৱা হৈছে৷
জাপানৰ প্ৰধানমন্ত্ৰী চিনজৌ আবেয়ে পদত্যাগ কৰিব বুলি শুকুৰবাৰে পুৱাই খবৰ প্ৰচাৰ হৈছিল৷ এই খবৰ জাপানৰ স্থানীয় সংবাদমাধ্যত শুকুৰবাৰে প্ৰকাশ পাইছিল৷
দীৰ্ঘকাল স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি থকা জাপানৰ প্ৰধানমন্ত্ৰী চিনজৌ আবেয়ে প্ৰধানমন্ত্ৰী পদ এৰাৰ বাবে চিন্তা কৰিছিল বুলি খবৰ প্ৰকাশ পাইছিল ৰয়টাৰ্ছত৷