বুধবাৰে নিশা পূৱ জাপানত ৭.৩ প্ৰাবল্যৰ ভূমিকম্প অনুভূত হয়৷ যাৰ ফলত জাপানৰ ৰাজধানী টকিঅ’ত এক আতংকৰ সৃষ্টি হৈছে। জাপানৰ বতৰ বিজ্ঞান সংস্থাই উত্তৰ-পূব উপকূলৰ কিছু অংশত চুনামি সতৰ্কতা জাৰি কৰিছে। ভূমিকম্পৰ কেন্দ্ৰস্থল ফুকুশিমা অঞ্চলৰ উপকূলৰ পৰা ৬০ কিলোমিটাৰ গভীৰতাত আছিল। নিশা ১১ঃ৩৬ বজাত ভূমিকম্প হোৱাৰ লগে লগে উপকূলৰ কিছু অংশৰ বাবে চুনামি ঢৌৰ বাবে সতৰ্কবাণী জাৰি কৰা হৈছে।
ভূমিকম্পৰ ফলত কোনো প্ৰাণহানি বা সম্পত্তিৰ ক্ষতি হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই। কিন্তু ২০ মিলিয়নতকৈও অধিক ঘৰত বিদ্যুতৰ সংযোগ ব্যাহত হোৱাত এন্ধাৰে আৱৰি ধৰিছে। বিদ্যুৎ যোগান কোম্পানী টেপকোৱে কয় যে টকিঅ’ৰ প্ৰায় ৭ লাখ ঘৰ পোহৰ নাই৷
টেপকোৱে টুইট কৰি কয় যে ফুকুশিমা পাৰমাণৱিক প্ৰকল্পত অভিযানৰ তদন্ত কৰি আছে। ১১ বছৰ আগতে ২০১১ চনৰ ১১ মাৰ্চত পূব উপকূলত ৯.০ প্ৰাবল্যৰ ভূমিকম্প আৰু চুনামিৰ পিছত প্ৰকল্পটোৰ কাৰ্যকলাপ বন্ধ কৰি দিয়া হৈছিল।