২০২১ চনৰ ২১ এপ্ৰিলত তথা বহাগৰ মাহতে অচিনা দেশলৈ গুচি গৈছিল বিহুগীতৰ ৰাণী৷ বিহুগীতৰ ৰাণী অবিহনে বিহুৰ প্ৰকৃত মাদকতাত যেন কৰবাত কিছু হলেও ম্লান পৰিছে৷ যি কথা আজি গৰু বিহুৰ দিনটোত পুৱাৰে পৰা বিভিন্ন জনে সামাজিক মাধ্যমত উল্লেখ কৰিছে৷ বিহুগীতৰ ৰাণী অহিবনে বিহুৰ গান, বিহুৰ সংগীতানুষ্ঠান অধৰুৱা৷ অসমৰ ইমুৰৰ পৰা সিমূৰলৈ বিহু গীতক নতুন ধাৰাৰে অসমৰ প্ৰতিটো জনগোষ্ঠীৰ মাজত জনপ্ৰিয় কৰি ৰাণীগৰাকীয়ে এবছৰ পূৰ্বে এৰি গৈছিল অসমীয়া জাতিটোক৷ হয়, ভিতালী দাসৰ কথাকে কৈছো৷ ভিতালী বিহীন ব’হাগক কল্পনা কৰিব নোৱাৰি যদিও জাতিটোৱে এই কথা মানি লোৱা হ’বলগীয়া হৈছে৷ কোভিডে এবছৰ পূৰ্বে বিহুগীতৰ সম্ৰাজ্ঞী ভিতালী দাসক আমাৰ পৰা লৈ গৈছিল। যোৱা বছৰ আজিৰ দিনটোতে লতাশিল বিহুৰ গৰু বিহু অনুষ্ঠানত অংশ লৈ হঠাতে অসুস্থ হৈ পৰিছিল ভিতালী। তাৰ পিছতে ৬ দিনৰ মূৰকত সকলোৱে কন্দুৱাই অচিনা দেশলৈ আঁতৰি যায় ভিতালী৷ আজি অসমৰ কোনো এখন মঞ্চ শুৱনি কৰিলেহেঁতেন৷ কিন্তু বিধিৰ কি বিপাক৷ তেওঁ যেন আমাৰ মাজত নাই৷ আজিৰে পৰা অসমৰ অলিয়ে-গলিয়ে অনুষ্ঠিত হোৱা মঞ্চ বিহুৰ সন্মুখত থকা দৰ্শকে নিশ্চয়কৈ ভিতালীক মনত পেলাব৷ স্মৃতিচাৰণ কৰি সকলোৱে বিহুৰ মঞ্চত ভিতালীৰ অভাৱ অনুভৱ হ’ব৷ ৯০ দশকৰ শেষৰ ফালে আৰু ২০০০ চনৰ প্ৰথম ভাগত অসমত পৰম্পৰাগত গীতৰ এক জয়জয় ময়ময় পৰিবেশ উভতি আহিছিল। পৰিবেশ সলনি কৰাত অন্যতম অৰিহনা আছিল ভিতালীৰ৷ মাঘৰ বিহুৰ সময়ত প্ৰায় ৫০, ১০০ খন বিহুগীতৰ দৃশ্য শ্ৰব্য কেচেট বজাৰলৈ আহিছিল আৰু প্ৰতিখন কেচেটত কণ্ঠ নিগৰাইছিল ভিতালীয়ে৷ সকলো বহু গীতে ব্যাপক জনপ্ৰিয়তা লাভ কৰিছিল। সেইসময়ত প্ৰায় প্ৰতিখন বিহুসুৰীয়া গীতৰ কেচেটত কণ্ঠ নিগৰোৱা মহিলা মহিলা কণ্ঠশিল্পীসকলৰ ভিতৰত মহিলাৰ কণ্ঠ আছিল ভিতালী দাসৰ। যাৰ বাবে জনপ্ৰিয় কণ্ঠশিল্পী ভিতালী দাস যে আৰু নাই সেই কথা বিশ্বাস কৰিব নোৱাৰি৷ অসমৰ নাগৰিকক জানমণি, অঞ্জনা, ৰাংঢালী, বগীতৰা, মৰমজান উপহাৰ দিছিল ভিতালী দাস৷ ২০২১ চনৰ ১৪ এপ্ৰিলত অসুস্থ হৈ ১৬ এপ্ৰিলত ক’ৰোনাত আক্ৰান্ত হৈছে চিকিসাধীন হৈছিল। কিন্তু সকলোকে কন্দুৱাই কালাপাহাৰ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাৰ পৰাই ২১ এপ্ৰিলত জানমণি, অঞ্জনাকে ধৰি বিভিন্ন বিহুগীতৰ লগতে শ-শ আধুনিক গীত অসমৰ শ্ৰোতাক উপহাৰ দিয়া চিৰবিদায় মাগে৷ কণ্ঠশিল্পীৰ শাৰীৰিক ভাৱে অসুস্থ হৈ পৰাৰ পিছতে সমগ্ৰ অসমবাসী চিন্তিত হৈ পৰিছিল। কণ্ঠশিল্পীগৰাকীৰ আশু আৰোগ্যৰ কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছিল শ-শ গুণমুগ্ধই৷ ক’ৰোনাই আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে লৈ যায় ভিতালী দাসক৷ ভিতালী দাসৰ মৃত্যু অসমৰ সংগীততৰ জগতৰ বাবে অপূৰণীয় ক্ষতি৷ অসমীয়া আধুনিক গীতত নতুন ধাৰাৰ সৃষ্টি কৰিছিল ভিতালী দাসে৷