জয়ন্ত মুদৈ, বেবেজীয়াঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত শুকুৰবাৰে নগাঁও লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত হৈ গুজনাৰ আশীষ লৈ ভকত-বৈষ্ণৱক সেৱা গ্ৰহণ কৰে। সাংসদগৰাকীয়ে বটদ্ৰৱা থানৰ পদশিলা, শিলিখা বৃক্ষ, আকাশী গংগা আৰু দৌল মন্দিৰ দৰ্শন কৰি নিজকে ধন্য মানে।
থান দৰ্শনৰ অন্তত গুৰুজনাৰ জন্মস্থান নগাঁও জিলাৰ সদৰ লোকসভা সমষ্টিৰ সাংসদ হ’বলৈ পোৱাতো তেওঁৰ বাবে অতি সৌভাগ্যৰ কথা তথা এক সুবৰ্ণ সুযোগ বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰাৰ বিপৰীতে থানখনলৈ চৰকাৰী ভাবে আৱণ্টিত বিভিন্ন উন্নয়নমূলক আঁচনিৰ বুজ ল’বলৈকে বিশেষকৈ বটদ্ৰৱাত উপস্থিত হোৱা বুলি প্ৰকাশ কৰে সাংসদগৰাকীয়ে।
জাতীয় সাজপাৰ পৰিধান কৰি থান পৰিভ্ৰমণ কৰাৰ পিছত সাংসদগৰাকীয়ে বটদ্ৰৱা থানৰ নিচেই কাষতে থকা কণ্টেইনমেন জ’নত বসবাস কৰা ১০টা পৰিয়ালক কিছু খাদ্য-সামগ্ৰী বিতৰণ কৰে। ইতিমধ্যে বটদ্ৰৱাৰ কণ্টেইনমেন জ’নৰ পৰিয়ালসমূহৰ মাজত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বৃহস্পতিবাৰে খাদ্য-সামগ্ৰী বিতৰণ কৰি যোৱাৰ পিছতে সাংসদ প্ৰদ্যুত বৰদলৈয়ে খাদ্য-সামগ্ৰী বিতৰণ কৰে।