পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ নাকচ কৰা হৈছে। দেওবাৰে পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ ওপৰত অনাস্থা ভোট অনুষ্ঠিত হ’ব লাগিছিল, কিন্তু উপাধ্যক্ষই বিদেশী ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি অনাস্থা প্ৰস্তাৱ নাকচ কৰে। তাৰ পিছত সংসদ স্থগিত ৰখা হয়। বিৰোধীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক সংবিধানৰ উলংঘন বুলি অভিহিত কৰিছে।
প্ৰস্তাৱ নাকচ হোৱাৰ পিছত, খানে দেশবাসীক সম্বোধন কৰে আৰু ইয়াৰ বাবে অভিনন্দন জনায়। ৰাষ্ট্ৰপতিক অনুমোদিত বিধানসভাসমূহ ভংগ কৰিবলৈ পৰামৰ্শ দিছিল। এতিয়া পাকিস্তানত নতুন নিৰ্বাচন অনুষ্ঠিত হ’ব যি পৰামৰ্শ ইমৰান খানে নিজেই দিছে। পাকিস্তানৰ নাগৰিকক নিৰ্বাচনৰ বাবে সাজু থাকিবলৈ কয়৷
ইমৰানৰ দলৰ মুখ্য সহযোগী মুত্তাহিদা কৌমি মুভমেণ্ট পাকিস্তানে (এমকিউএম-পি) সমৰ্থন প্ৰত্যাহাৰ কৰিছিল যাৰ পিছতে ইমৰান চৰকাৰে নেচনেল এচেম্বলীত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। বিৰোধীয়ে একত্ৰিত হৈ ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল।
ইমৰান খানে শনিবাৰে দেশৰ যুৱক-যুৱতীসকলক চৰকাৰৰ বিৰুদ্ধে ৰচনা কৰা বিদেশী ষড়যন্ত্ৰৰ বিৰুদ্ধে শান্তিপূৰ্ণ প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল৷ কিন্তু লগতে কয় যে পাকিস্তান সেনাক সমালোচনা কৰা উচিত নহয়। খানে ইয়াক দেশৰ ‘ভৱিষ্যতৰ বাবে যুদ্ধ’ বুলি বৰ্ণনা কৰিছিল আৰু কৈছিল যে পাকিস্তান এক নিৰ্ণায়ক সন্ধিক্ষণত থিয় হৈ আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পাকিস্তানৰ ৰাজনীতি এনে এক বিন্দুত উপনীত হৈছে য’ত দেশৰ জনসাধাৰণে সিদ্ধান্ত ল’ব লাগিব।
ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে ইমৰান খানৰ পৰামৰ্শ অনুসৰি পাকিস্তানৰ সংসদ ভংগ কৰিছে। মন্ত্ৰী ফাৰুক হাবিবৰ উদ্ধৃতিৰে কোৱা হয় যে কেবিনেট ভংগ কৰা হৈছে আৰু দেশখনত অহা তিনি মাহৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ’বলৈ সাজু হৈছে।
ইপিনে অনাস্থা প্ৰস্তাৱ খাৰিজ কৰি পাকিস্তান নেচনেল এচেম্বলী ভংগ কৰাৰ পিছতে পাক সেনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ পাক সেনাৰ জনসম্পৰ্কৰ সঞ্চালক প্ৰধান বাবৰ ইফতিখাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় পাক সেনাৰ হাত একেবাৰে নাই। আজি যি হৈছে ইয়াত সেনাৰ কোনো ভূমিকা নাই৷ আজি পাকিস্তানৰ নেচনেল এচেম্বলী ভংগ সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত আন্তঃসেৱা জনসম্পৰ্কৰ সঞ্চালক প্ৰধান বাবৰ ইফতিখাৰে স্পষ্ট কৰি কয় যে চৰকাৰৰ ক্ষেত্ৰত সেনাৰ কোনো হাত নাই৷
পাকিস্তানৰ চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱ আজি খাৰিজ কৰি জাতীয় সংসদ ভংগ কৰা হয়৷ তাৰ বিপৰীতে ৯০ দিনৰ ভিতৰত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন৷ ভোটাদানৰ বাবে অনুষ্ঠিত নেচনেল এচেম্বলীলৈ এনেদৰে আহি ৰাষ্ট্ৰপতি আৰিফ আলভিয়ে দিছিল এই পৰামৰ্শ৷ ৰাষ্ট্ৰপতি আলভিৰ পৰামৰ্শ আৰু প্ৰধানমন্ত্ৰী ইমৰান খানৰ পৰামৰ্শ অনুসৰি পাক নেচনেল এচেম্বলী ভংগ কৰি দিয়া হয়৷ ইয়াৰ দ্বাৰা বিৰোধীক শক্তি প্ৰদান কৰিবলৈ কোনো সুবিধা প্ৰদান নকৰিলে৷ শাসকীয় দলৰ নেতাজনে নতুনকৈ নিৰ্বাচন আহ্বান কৰিবলৈ পৰামৰ্শ দিয়াৰ কেইমিনিটমান পিছত ভংগ কৰা হয় এচেম্বলী। ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ নাকচ, ৯০ দিনত নতুন নিৰ্বাচনৰ সম্ভাৱনাই দেখা দিছে৷