অনাস্থা প্ৰস্তাৱৰ পূৰ্বে জাতীয় সংসদ ভংগ কৰাত দেশখনৰ ন্যায়ালয়ৰ কাষ চপা পাকিস্তানৰ বিৰোধী দলসমূহ৷ প্ৰস্তাৱৰ মুখামুখি হোৱাৰ পূৰ্বে জাতীয় সংসদ ভংগ কৰাত বিৰোধীয়ে সংবিধান উলংঘা কৰাৰ অভিযোগ আনি জাতীয় সংসদ বাহাল কৰাৰ দাবীত উচ্চতম ন্যায়ালয়ৰ কাষ চাপে৷ জাতীয় সংসদ বাহাল কৰি সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰিবলৈ সুবিধা প্ৰদান কৰিবলৈ উচ্চতম ন্যায়ালয় দিয়া আৰ্জিৰ শুনানি আজি নিশাই অনুষ্ঠিত হ’ব৷ ইতিমধ্যে মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয়ত উপস্থিত হৈছে৷ স্থানীয় সময় অনুসৰি সন্ধিয়া ৫ বজাত ভাৰতীয় সময় মতে সন্ধিয়া ৫:৩০ বজাত শুনানি অনুষ্ঠিত হৈছে৷ পাকিস্তানৰ নেচনেল এচেম্বলী ভংগ কৰাৰ প্ৰস্তাৱ নাকচ কৰি বাহাল কৰাৰ নিৰ্দেশ দিব বুলি আশা কৰিছে বিৰোধীয়ে৷
আনহাতে পাকিস্তান জাতীয় সংসদৰ বাহিৰত তদানীন্তন শাসক পক্ষ পাকিস্তান তেহৰিক-ই-ইনচাফৰ একাংশ সাংসদে বিৰোধী পাকিস্তান মুছলিম লীগ আৰু পাকিস্তান পিপলছ পাৰ্টিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি শ্ল’গান দিয়ে৷ পাকিস্তান মুছলিম লীগ আৰু পাকিস্তান পিপলছ পাৰ্টিৰ আমেৰিকাৰ হাতৰ পুতলা আখ্যা দিয়ে৷ আমেৰিকাৰ ঘনিষ্ঠসকল গড্ডাৰ বুলি কয়৷ শাসক পক্ষ পাকিস্তান তেহৰিক-ই-ইনচাফৰ একাংশ সাংসদে কয় যে ইমৰান খানে পাকিস্তানক বচাব পাৰিব৷ আমেৰিকাৰ বন্ধুসকলে দেশ চলাব খুজিছে৷ এইসকল বিশ্বাসঘাতক৷ আজি আবেলি পাকিস্তানৰ নেচনেল এচেম্বলী ভংগ হোৱাৰ পিছত পাকিস্তানৰ সংসদৰ বাহিৰত শ্ল’গান দিয়ে পাকিস্তান তেহৰিক-ই-ইনচাফৰ সাংসদে৷
বিৰোধীৰ অনাস্থা প্ৰস্তাৱ খাৰিজ কৰি জাতীয় সংসদ ভংগ কৰাৰ পিছতে ৯০ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে পাকিস্তানৰ ৰাষ্ট্ৰপতি৷ ৰাষ্ট্ৰপতিয়ে শাসন কৰিবলগীয়া পাকিস্তানৰ বিৰোধীয়ে এয়া সংবিধান বিৰোধী বুলি কয়৷ প্ৰধান বিৰোধী দল পাকিস্তান পিপলছ পাৰ্টিৰ অধ্যক্ষ তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী বেনজীৰ ভুট্টোৰ পুত্ৰ বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে চৰকাৰে সংবিধান উলংঘা কৰা বুলি অভিযোগ আনে। অনাস্থা প্ৰস্তাৱত ভোটদানৰ অনুমতি দিয়া নাছিল বুলি অভিযোগ আনি ঐক্যবদ্ধ বিৰোধীয়ে সংসদ এৰি যোৱা নাই বুলি কয়। আমাৰ অধিবক্তা উচ্চতম ন্যায়ালয়লৈ গৈছে। আমি সকলো প্ৰতিষ্ঠানক পাকিস্তানৰ সংবিধান সুৰক্ষিতভাৱে বজাই ৰখা, প্ৰতিৰক্ষা আৰু কাৰ্যকৰী কৰিবলৈ আহ্বান জনাইছো বুলি কয় বিলাৱাল ভুট্টো জাৰ্দাৰীয়ে৷
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানৰ বিৰুদ্ধে বিৰোধীৰ অনাস্থা প্ৰস্তাৱ নাকচ কৰা হৈছে। দেওবাৰে পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে উত্থাপন কৰা অনাস্থা প্ৰস্তাৱৰ ওপৰত অনাস্থা ভোট অনুষ্ঠিত হ’ব লাগিছিল৷ কিন্তু উপাধ্যক্ষই বিদেশী ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰি অনাস্থা প্ৰস্তাৱ নাকচ কৰে। তাৰ পিছত সংসদ স্থগিত ৰখা হয়। বিৰোধীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক সংবিধানৰ উলংঘন বুলি অভিহিত কৰিছে।
প্ৰস্তাৱ নাকচ হোৱাৰ পিছত, খানে দেশবাসীক সম্বোধন কৰে আৰু ইয়াৰ বাবে অভিনন্দন জনায়। ৰাষ্ট্ৰপতিক অনুমোদিত বিধানসভাসমূহ ভংগ কৰিবলৈ পৰামৰ্শ দিছিল। এতিয়া পাকিস্তানত নতুন নিৰ্বাচন অনুষ্ঠিত হ’ব যি পৰামৰ্শ ইমৰান খানে নিজেই দিছে। পাকিস্তানৰ নাগৰিকক নিৰ্বাচনৰ বাবে সাজু থাকিবলৈ কয়৷
ইমৰানৰ দলৰ মুখ্য সহযোগী মুত্তাহিদা কৌমি মুভমেণ্ট পাকিস্তানে (এমকিউএম-পি) সমৰ্থন প্ৰত্যাহাৰ কৰিছিল যাৰ পিছতে ইমৰান চৰকাৰে নেচনেল এচেম্বলীত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। বিৰোধীয়ে একত্ৰিত হৈ ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিছিল।