বেবেজীয়াঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই থকাৰ মাজতে অসাধু চক্ৰই সৱল নেটৱৰ্ক গঠনেৰে অব্যাহত ৰাখিছে ড্ৰাগছৰ গোপন বেহা৷ ইয়াৰ মাজতে যোৱা নিশা জাজৰি আৰক্ষী থানাৰ এলেকাধীন হাতীযুঁজোৱাত আৰক্ষীৰ জালত পৰে বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ দুই সৰবৰাহকাৰী৷ ধৃত সৰবৰাহকাৰী দুটা হৈছে হাতীযুঁজোৱাৰ আবু তাহেৰ আৰু আশ্বাফুল ইছলাম৷ আচলতে, এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জাজৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অতৰ্কিতে অভিযান চলাই নিশা ড্ৰাগছ সৰবৰাহকাৰী দুটাক কৰায়ত্ত কৰে৷ লগতে আৰক্ষীৰ দলে সৰবৰাহকাৰী দুটাৰ পৰা ৮১টা কণ্টেনাৰ আৰু এটা পেকেটত থকা ১৯ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰী দুটাই দীৰ্ঘদিনৰে পৰা আৰক্ষীৰ চকুত ধূলি দি নিষিদ্ধ ড্ৰাগছৰ বেহা গোপনে চলাই আহিছিল৷