বেবেজীয়াঃ নগাঁও আৰু মৰিগাঁও জিলাৰ সীমান্তবৰ্তী জাজৰিৰ বগৰিগুৰি লালুং গাঁৱত শুকুৰবাৰে ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত ৰাজপথলৈ ওলাই আহে নাৰী সমাজ৷ আচলতে, সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিৰ আহ্বানত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷ বগৰিগুৰি লালুং গাঁও ৰংগমঞ্চত ৰূপায়িত এই প্ৰতিবাদী কাৰ্যসূচীত অৰ্ধ শতাধিক মহিলাই ভাগ লৈ হাতে হাতে বেনাৰ, ফেষ্টুন আদি লৈ “মূল্যবৃদ্ধি ৰোধ কৰক”, “গেছ চিলিণ্ডাৰৰ মূল্য হ্ৰাস কৰক”, “বিজেপি চৰকাৰ হায় হায়”, “প্ৰগতিশীল নাৰী সন্থা জিন্দাবাদ” আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে৷ কাৰ্যসূচীত প্ৰগতিশীল নাৰী সন্থাৰ দলংঘাট ব্লক সমিতিৰ উপ-সভানেত্ৰী উমা পাটৰ আৰু সম্পদিকা আয়েফা বেগম উপস্থিত থাকি ৰন্ধন গেছৰ পুনৰ মূল্যবৃদ্ধিয়ে দৰিদ্ৰ শ্ৰেণীৰ সৰ্বসাধাৰণ লোকসকলক অতি সংকটৰ ফালে ঠেলি দিছে বুলি মন্তব্য কৰি কয় যে- বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্যৰ দুয়োখন চৰকাৰেই জনবিৰোধী আৰু দুখীয়া বিৰোধী চৰকাৰ। ক’ভিডৰ পাছতেই অসমৰ সংহাৰী বান পানীয়ে কৃষি আৰু শ্ৰমজীৱি ৰাইজৰ জীবিকাৰ পথ বন্ধ কৰি পেলাইছে। বাসগৃহ আৰু সম্পত্তি বিনষ্ট হোৱাৰ লগতে গৰাখহনীয়াই বহু পৰিয়ালক গৃহহীন কৰিলে। তথাপি বজাৰত খাদ্য সামগ্ৰীৰ তীব্ৰ মূল্যবৃদ্ধিৰ পিছতো চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নাই। এনে সময়তে ভূতৰ ওপৰত দানহ পৰাদি ৰন্ধন গেছৰ পুনৰ মূল্যবৃদ্ধিয়ে জনগণৰ ওপৰত মাধমাৰ শোধাইছে৷ চৰকাৰৰ এনে স্থিতিয়ে ইয়াকে প্ৰতিপন্ন কৰিছে যে বিজেপি চৰকাৰ হৈছে কোম্পানীৰ আজ্ঞাবাহী চৰকাৰ৷ সাধাৰণ গৰীৱ শ্ৰেণীৰ চৰকাৰ নহয়। সেয়ে দাম কমাব নোৱাৰা মোদীক গাদী এৰিবলৈ নাৰী সংগঠনটোৰ নেত্ৰী দুগৰাকীয়ে দাবী জনায়৷