March 21, 2023, 5:09 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

জলপথ সন্মিলনত হিমন্ত বিশ্ব শৰ্মা-সৰ্বানন্দ সোণোৱাল, আত্মনিৰ্ভৰশীল ভাৰতৰ চিন্তাক বাস্তৱ কৰিব অসমে

Reporter Name
  • Update Time : Tuesday, April 12, 2022
  • 59 Time View

প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত জলপথ সন্মিলনৰ আজি সামৰণি পৰে৷ কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত ডিব্ৰুগড়ত অনুষ্ঠিত জলপথ সন্মিলন দেশ-বিদেশৰ প্ৰতিনিধি তথা উচ্চপদস্থ বিষয়াই অংশ লয়৷ সোমবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই সন্মিলন মুকলি কৰিছিল৷ দুদিনীয়াকৈ অনুষ্ঠিত জলপথ সন্মিলন ২০২২-ত বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়৷ জলপথৰ জৰিয়তে আঞ্চলিক সংযোগ বৃদ্ধি কৰাৰ উপায় আৰু সুযোগ-সম্ভাৱনা সন্দৰ্ভত সন্মিলনত সবিস্তাৰে আলোচনা হয়। এই সন্মিলনত বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চল আৰু চুবুৰীয়া দেশৰ প্ৰতিনিধিয়ে অংশ লয়৷ নদী পথৰ সংযোগ যোগে অসমৰ সৈতে চুবুৰীয়া ৰাজ্য আৰু দেশৰ সৈতে ব্যৱসায় কৰাৰ বাবে এই সন্মিলনত গুৰুত্ব প্ৰদান কৰা হয়৷ আজি দ্বিতীয় দিনটোৰ কাৰ্যসূচীত বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালৰ লগতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা কেইবাগৰাকী মন্ত্ৰী আৰু সাংসদ উপস্থিত থাকে৷ দ্বিতীয় দিনৰ সন্মিলনত সৰ্বানন্দ সোণোৱালে জলপথৰ পৰিৱেশতন্ত্ৰৰ অনুকূল আৰু সামগ্রিক বিকাশৰ জৰিয়তে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে শক্তিশালী ব্যৱসায়িক সম্পৰ্ক গঢ়ি তোলা হ’ব বুলি কৈ কয় যে জলপথৰ আন্তঃগাঁথনি উন্নীতকৰণে দেশৰ লগতে অসম তথা উত্তৰ-পূবৰ যুৱ উদ্যোগীৰ সুযোগ-সম্ভাৱনাৰ দুৱাৰমুখ মুকলি কৰিব৷ ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আত্মনিৰ্ভৰশীল ভাৰতৰ দৃষ্টিভংগীক বাস্তৱ কৰিবলৈ সকলোৰে সহায় কামনা কৰে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জলপথৰ যাত্ৰীক সুৰক্ষিত আৰু সুবিধাজনক ফেৰী সেৱা প্ৰদানৰ বাবে অভ্যন্তৰীণ জল পৰিবহণ প্রকল্প ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰি কয় যে উত্তৰ-পূবৰ জলপথ পৰিস্থিতিতন্ত্ৰৰ গুৰুত্ব আছে৷ ব্রহ্মপুত্র নদীৰ অৱবাহিকাত ভাৰতৰ জলসম্পদৰ সম্ভাৱনা মজুত থকাৰ লগতে স্থলপথেৰ পৰিবহন নিৰ্ভৰশীলতা যথেষ্ট হ্ৰাস হ’ব বুলি দাবী কৰে ড০ শৰ্মাই৷অনুষ্ঠানত বাংলাদেশৰ প্ৰতিনিধি হৈ অহা বাংলাদেশৰ জাহাজ পৰিবহণ মন্ত্রী খালিদ মাহমুদ চৌধুৰীয়ে কয় যে বাংলাদেশত ৭০০ নদ-নদী আছে৷ ইয়াৰে ৫৪ খন নদ-নদী ভাৰতৰে সম্পৰ্কিত। বাংলাদেশ, ভাৰত, নেপাল আৰু ভূটানৰ মাজত সামগ্ৰী পৰিবহণ আৰু বিতৰণৰ বাবে বাংলাদেশৰ প্ৰায় ৮৪৮০ কিলোমিটাৰ জলপথ ব্যৱহাৰ কৰিব পাৰি৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে