ডিজিটেল ডেস্কঃ ভাৰতীয় সেনা জোৱানৰ এক সংঘৰ্ষক ভুল পোৱা বুলি প্ৰতিবেদন ওলোৱাৰ পিছতে সেনা আইনৰ অধীনত তদন্ত হ’ব৷ ১৮ জুলাইত জম্মু-কাশ্মীৰৰ ছপিয়াত সংঘটিত বিতৰ্কিত সংঘৰ্ষ কাণ্ডত জৰিত সেনা জোৱানক দোষী সাব্যস্ত কৰে৷ সেনাই কয় যে অভিযুক্ত জোৱানৰ বিৰুদ্ধে সেনা আইনৰ অনুসৰি অনুশাসনমূলক তদন্ত হ’ব৷ এক সংঘৰ্ষত তিনি সন্ত্ৰাসবাদী নিহত হোৱা বুলি দাবী কৰা হৈছিল৷ আনহাতে স্থানীয় লোক আৰু পৰিয়ালে অভিযোগ উত্থাপন কৰি কৈছিল যে এয়া ভুৱা সংঘৰ্ষ আছিল৷ নিহত তিনিজনে ভাতৃ হোৱাৰ লগতে ছপিয়াত শ্ৰমিক ৰূপে কাম কৰিছিল৷
সেনাৰ তৰফৰ তদন্ত আদালত মতে, সেনাই সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ অধীনত লাভ কৰা বিশেষ ক্ষমতা উলংঘা কৰিছে৷ ৰক্ষা মন্ত্ৰালয়ৰ এগৰাকী প্ৰৱক্তাই কয় যে সেনাৰ দ্বাৰা কৰা অভিযানৰ তদন্ত সমাপ্ত কৰা হৈছে৷ তদন্তত পোৱা সংকেট মতে, সশস্ত্ৰ বাহিনীৰ বিশেষ সক্ষমতা আইনৰ অপ-ব্যৱহাৰ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ে নিৰ্দেশনা উলংঘা হৈছে৷
অভিযোগ পোৱাৰ পিছতে সেনা আইনৰ অধীনত তদন্ত কৰা হৈছে৷ প্ৰাথমিক তদন্তত দোষী পোৱা গৈছে৷ সেইসকলৰ বিৰুদ্ধে অনুশাসনমূলক তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷ তদন্ত পোৱা তথ্য মতে তিনি অজ্ঞাত সন্ত্ৰাসবাদী ইমতিয়াজ আহমদ, অবৰাবৰ আহমদ আৰু মহম্মদ ইবৰাৰ আছিল৷ তেওঁলোক ৰজৌৰিত বসবাস কৰে৷ তেওঁলোকৰ সন্ত্ৰাসবাদীৰ সৈতে সংযোগ তদন্ত কৰাৰ লগতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিছতে পুনৰ তদন্ত হ’ব পাৰে৷