বুধবাৰে জম্মু-কাশ্মীৰৰ কুলগাম জিলাত এগৰাকী চালকক নিচেই ওচৰৰ পৰা সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে৷ কুলগামৰ কাক্ৰনগাঁৱৰ পেছাত চালক সতীশ কুমাৰ সিঙক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। আক্ৰমণত গুৰুতৰভাৱে আহত হোৱাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যুবৰণ কৰে। আৰক্ষীৰ মতে, সতীশৰ মূৰত অতি নিকট পৰিসৰৰ পৰা গুলী কৰা হৈছিল। কাশ্মীৰ আৰক্ষীয়ে জাৰি কৰা টুইটত কোৱা হৈছে যে কুলগামৰ বাসিন্দা সতীশ কুমাৰৰ চিকিৎসালয়ত মৃত্যু হৈছে। এই নিৰ্মম আক্ৰমণত জড়িত সন্ত্ৰাসবাদীসকলক শীঘ্ৰেই ব্যৱস্থা লোৱা হ’ব। অঞ্চলটোত সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান আৰম্ভ কৰা হৈছে।
বুধবাৰৰ আক্ৰমণটো প্ৰব্ৰজনকাৰী শ্ৰমিক আৰু স্থানীয় সংখ্যালঘুসকলক লক্ষ্য কৰি লোৱাৰ এটা নতুন ঘটনা। এনে হত্যাকাণ্ড যোৱা বছৰৰ অক্টোবৰৰ পৰা আৰম্ভ হৈছিল৷ টাৰ্গেট কৰি লোৱা বেছিভাগেই প্ৰব্ৰজনকাৰী শ্ৰমিক৷ যিসকলে কামৰ সন্ধানত জম্মু আৰু কাশ্মীৰলৈ আহিছিল। অক্টোবৰত, পাঁচ দিনত সাতজন নাগৰিক নিহত হৈছিল৷ যাৰ ভিতৰত আছিল এজন কাশ্মীৰী পণ্ডিত, এজন শিখ আৰু আন দুজন লোক। যোৱা সপ্তাহত, উগ্ৰপন্থীসকলে শ্বপিয়ান জিলাৰ এজন কাশ্মীৰী পণ্ডিতক গুলীয়াই আহত কৰিছিল।
জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই ঘটনাক গৰিহণা দিয়ে৷ কুলগামত অসামৰিক সতেশ কুমাৰ সিঙৰ ওপৰত সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দি ঘৃণনীয় কাৰ্য্যত জড়িত সন্ত্ৰাসবাদীসকলক শীঘ্ৰেই ব্যৱস্থাৰ সন্মুখীন কৰা হ’ব আৰু এই দুখৰ সময়ত শোকসন্তপ্ত পৰিয়ালৰ প্ৰতি মোৰ সমবেদনা আৰু প্ৰাৰ্থনা জনাই উপ-ৰাজ্যপাল মনোজ সিনহাই৷