শ্ৰীনগৰঃ কেন্দ্ৰীয় শাসিত ৰাজ্য জম্মু-কাশ্মীৰৰ বাবে সুকীয়াকৈ নতুন মিডিয়া নীতি ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰে৷ এই অনুযায়ী এতিয়াৰে পৰা ৰাজ্যখনৰ সাংবাদিকসকলে মন গ’লেই সকলো বাতৰি পৰিৱেশন কৰিব নোৱাৰিব৷ নতুন মিডিয়া নীতিৰ জৰিয়তে চৰকাৰ-প্ৰশাসনে সাংবাদিকক দেশদ্ৰোহীও ঘোষণা কৰিব পাৰিব৷
চৰকাৰৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে দেওবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যখনৰ সাংবাদিকসকলে৷ প্ৰকাশিত খবৰ অনুযায়ী নতুন মিডিয়া নীতি প্ৰযোজ্য হোৱাৰ পিছত চৰকাৰী বিজ্ঞাপন লাভৰ বাবে বাতৰি কাকতৰ প্ৰকাশক, সম্পাদক আৰু আন মুখ্য সাংবাদিকসকলৰ পুলিচ ভেৰিফিকেশ্যন বাধ্যতামূলক হৈ পৰিব৷ ইয়াৰ লগতে সাংবাদিকৰ স্বীকৃতি পাবলৈকো আৰক্ষীৰ পৰা অনুমতি ল’ব লাগিব৷
উল্লেখ্য যে, যোৱা ২ জুনতে ৰাজ্যখনত এই নতুন মিডিয়া নীতি ঘোষণা কৰিছিল৷ এই নতুন মিডিয়া নীতিত চৰকাৰ-প্ৰশাসনক ইচ্ছামতে বাতৰি এটাক ফেক নিউজ, অনৈতিক আৰু দেশদ্ৰোহিতামূলক বাতৰি হিচাপে ঘোষণা কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে৷ এনে কামত জড়িত থকা সাংবাদিক আৰু সংবাদ সংস্থাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ অনুমতি প্ৰদান কৰাৰ কথাও স্পষ্টকৈ উল্লেখ আছে নতুন মিডিয়া নীতিত৷
আৰক্ষী-প্ৰশাসন তথা আন চৰকাৰী সুৰক্ষা সংস্থা তথা চোৰাংচোৱা সংস্থাসমূহৰ সৈতে তথ্যৰ আদান-প্ৰদান কৰিবলৈ অস্বীকাৰ কৰিলে বা বাতৰিৰ উৎসৰ বিষয়ে অৱগত নকৰিলেও তেনে সাংবাদিক তথা সংবাদ প্ৰতিষ্ঠানৰ বিৰুদ্ধে আইনী ব্যৱস্থা কৰা হ’ব বুলিও নতুন মিডিয়া নীতিত কোৱা হৈছে৷ এনে পৰিপ্ৰেক্ষিতত এই নতুন মিডিয়া নীতিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত মোক্ষম আঘাত আখ্যা দিছে ৰাজ্যখনৰ সাংবাদিকসকলে৷
একাংশ সাংবাদিকে মন্তব্য কৰিছে যে আজি কাশ্মীৰত এনে নতুন নীতি ঘোষণা কৰাৰ বাবে দেশৰ অন্যান্য প্ৰান্তৰ সাংবাদিকসকলে মৌন হৈ ৰ’লে কাইলৈ হয়তো অন্য প্ৰান্ততো চৰকাৰে অনুৰূপ নীতি প্ৰযোজ্য কৰিব পাৰে৷ ৰাজ্যখনৰ জ্যেষ্ঠ সাংবাদিক হাৰুণ ৰেছীয়ে কেবাটাও আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত কৈছে যে পুলিচ ভেৰিফিকেশ্যনৰ নীতিক তেওঁলোকে আদৰণি জনাইছে যদিও কি বাতৰি সাংবাদিকসকলে কৰা উচিত আৰু কি কৰা উচিত নহয় সেয়া চৰকাৰ-প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়াতো কোনোপধ্যে মানি ল’ব নোৱাৰি বুলি স্পষ্ট কৰি দিয়ে৷
ৰাজ্যখনৰ সাংবাদিকসকলৰ সৈতে তথা সংবাদ সংস্থাসমূহৰ সৈতে কোনোধৰণৰ আলোচনা নকৰাকৈ নিজৰ খেয়াল-খুচিমতে এনেদৰে নতুন কিছুমান নীতি জাপি দিয়াটো গণতন্ত্ৰৰ পৰিপন্থী বুলিও দাবী কৰিছে কাশ্মীৰৰ সাংবাদিকসকলে৷ কাশ্মীৰ প্ৰেছ ক্লাৱে বিষয়টোক লৈ শীঘ্ৰে চৰকাৰ-প্ৰশাসনৰ সৈতে আলোচনাত মিলিত হ’ব বুলিও জানিব পৰা গৈছে৷