March 28, 2023, 2:33 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

জন-ধন যোজনা, মুদ্ৰা ঋণৰ চিন্তা কৰা ৰাজীৱ কুমাৰক নিৰ্বাচনী আয়ুক্ত ৰূপে ৰাষ্ট্ৰপতিৰ মঞ্জুৰি

Reporter Name
  • Update Time : Saturday, August 22, 2020
  • 123 Time View

ডিজিটেল ডেস্কঃ দেশৰ প্ৰাক্তন বিত্ত সচিব ৰাজীৱ কুমাৰক দেশৰ নিৰ্বাচনী আয়ুক্ত ৰূপে নিয়োগ কৰিছে ৰাষ্ট্ৰপতিয়ে৷ সদ্য পদত্যাগী নিৰ্বাচনী আয়ুক্ত আশোক লবাসাৰ ঠাইত নিৰ্বাচনী আয়ুক্ত ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিব কুমাৰে৷ বিধি মন্ত্ৰালয়ে শুকুৰবাৰে নিশা এক অধিসূচনা যোগে ৰাজীৱ কুমাৰক নতুন নিৰ্বাচনী আয়ুক্ত ৰূপে ৰাষ্ট্ৰপতিয়ে মঞ্জুৰি দিয়াৰ কথা ৰাজহুৱা কৰে৷

অধিসূচনা যোগে ৰাষ্ট্ৰপতি ৰাম নাথ কোৱিন্দে ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণৰ দিন আৰু নিয়ুক্তি সন্দৰ্ভত মঞ্জুৰি প্ৰদান কৰিছে বুলি কয়৷ ৩১ আগষ্টৰ পৰা নিৰ্বাচনী আয়ুক্ত ৰূপে পদবীত কাৰ্যভাৰ চম্ভালিব অশোক লবাসাই৷ আনহাতে অশোক লবাসাই এছিয়ান বেংকৰ উপা-ধ্যক্ষ ৰূপে নিয়ুক্তি লাভ কৰিছে৷

বিধি মন্ত্ৰালয়ে নতুন অধিসূচনাত কয় যে ৰাষ্ট্ৰপতি ৰামনাথে কোৱিন্দে নিৰ্বাচনী আয়ুক্ত ৰূপে ৰাজীৱ কুমাৰক মঞ্জুৰি দিছে৷ কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰ পৰা উক্ত পদ ৰাজীৱ কুমাৰে পৰিচালনা কৰিব৷ ৩১ আগষ্টৰ পৰা অশোক লবসাৰ পদত্যাগ কাৰ্যকৰী হ’ব৷ সুনিল আৰোৰা দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত৷ পূৰ্বে নিৰ্বাচনী আয়ুক্ত ৰূপে অশোক লবাসাৰ লগতে সুশীল চন্দ্ৰা আছিল৷ ১০ দিন পিছত ৰাজীৱ কুমাৰ দেশৰ নিৰ্বাচনী আয়োগৰ গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হ’ব৷

ৰাজীৱ কুমাৰ ১৯৮৪ বেঞ্চৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া৷ ৰাজীৱ কুমাৰ বিভিন্ন প্ৰশাসনিক ক্ষেত্ৰত বিগত ৩০ বছৰ ধৰি কাম কৰি আছে৷ বিগত বছৰৰ জুলাই মাহত ৰাজীৱ কুমাৰ বিত্ত বিভাগৰ সচিব নিয়ুক্তি কৰা হৈছিল৷ এই বছৰৰ ফেব্ৰুৱাৰী মাহতে ৰাজীৱ কুমাৰৰ কাৰ্যকাল সমাপ্ত হৈছিল যদিও কাৰ্যকাল চলাই গৈছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিত্তীয় যোজনা সমূহত ৰাজীৱ কুমাৰৰ হাত থকা বুলি চৰ্চা হয়৷ প্ৰধানমন্ত্ৰী জন-ধন যোজনা, মুদ্ৰা ঋণ যোজনাত ৰাজীৱ কুমাৰৰ চিন্তা জড়িত আছে বুলি কোৱা হয়৷ ২০২৫ বৰ্ষলৈকে ৰাজীৱ কুমাৰ নিৰ্বাচনী আয়ুক্ত পদত বাহাল থাকিব৷ ৰাজীৱ কুমাৰে অহা ২০২৪ লোকসভা নিৰ্বাচন পৰ্যন্ত পদত বাহাল থাকিব৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে