March 30, 2023, 2:24 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

জন্মদিনৰ পাৰ্টি চলি থাকোতেই খহি পৰিল দুমহলীয়া ৰেষ্টুৰেণ্ট, ২৯ জনৰ মৃত্যু

Reporter Name
  • Update Time : Sunday, August 30, 2020
  • 183 Time View

বেইজিংঃ চীনত সংঘটিত হৈছে এক অঘটন। দেশখনৰ চানজি প্ৰদেশৰ জিয়াংফেন অঞ্চলত জন্মদিনৰ পাৰ্টি চলি থকা অৱস্থাত এখন ৰেষ্টুৰেণ্ট ভাঙি অতি কমেও ২৯ জন লোকৰ মৃত্যু হয়।

প্ৰকাশিত বাতৰি অনুযায়ী শনিবাৰে জিয়াংফেন অঞ্চলৰ জুজিয়াং নামৰ এখন ৰেষ্টুৰেণ্টত আয়োজন কৰা হৈছিল এজন লোকৰ জন্মদিনৰ পাৰ্টি। উক্ত পাৰ্টিত প্ৰায় ৭০০ জন লোক উপস্থিত আছিল।

উক্ত পাৰ্টিত অভ্যাগতসকলে আনন্দ উপভোগ কৰি থকাৰ সময়তে হঠাতে ৰেষ্টুৰেণ্টখনৰ দুমহলীয়া অট্টালিকাটো খহি পৰে। ফলত তাত উপস্থিত থকা সকলো লোক ধ্বংসস্তূপত আৱদ্ধ হৈ পৰে। আৰু ইয়াৰে ৯০ জন লোক ধ্বংসস্তূপৰ তলত সোমাই পৰে।

উদ্ধাৰকাৰী দলে ধ্বংসস্তূপৰ মাজৰ পৰা ২৯ জন লোকক মৃত অৱস্থাত আৰু অন্য ৬০ গৰাকীক আহত অৱস্থাত উদ্ধাৰ কৰিছে। আহতসকলক ততালিকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু ইয়াৰে অধিক সংখ্যকৰে অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

জন্মদিনৰ পাৰ্টি চলি থকা অৱস্থাত হঠাতে এই মৰ্মান্তিক দুৰ্ঘটনাটো সংঘটিত হৈছে যদিও এতিয়াও দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে স্থানীয় প্ৰশাসনে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে