বেবেজীয়াঃ আজিও ক’ৰোনা মহামাৰীৰ কৰাল গ্ৰাসত সমগ্ৰ ৰাজ্য৷ মহামাৰীৰ ত্ৰাস আৰু বানৰ কৱলত পৰি ৰাজ্যখনৰ বিস্তৰ ক্ষতিসাধন হৈছে৷ বহু লোক কৰ্মসংস্থাপনহীন হৈ পৰিছে৷ সমানে বিধ্বস্ত হৈ পৰিছে আৰ্থিক অৱস্থা। লক-ডাউন আৰু বানৰ ফলত এমুঠি অন্নৰ বাবে হাহাকাৰ কৰিছে শ-শ পৰিয়ালে৷
কিন্তু তাৰ মাজতে এই জটিল সময়ছোৱাত ক’ৰোনা মাহামাৰীৰ বিৰুদ্ধে সততাৰে যুঁজ দিছে আৰক্ষী, চাফাইকৰ্মী, চিকিৎসক-চিকিৎসাকৰ্মীসকলে৷ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আৰক্ষী, চাফাইকৰ্মী, চিকিৎসক-চিকিৎসাকৰ্মীসকলে কাম কৰি গৈছে৷ কিন্তু ৰাজ্য চৰকাৰৰ অধীনৰে আন একাংশ লোকে দুৰ্ভাগ্যজনক ভাৱে মহামাৰীৰ জটিল সময়ত বিনা পাৰিশ্ৰমিক অবিহনে সেৱা আগবঢ়াব লগীয়া হৈছে৷ পেটত গাঠি দি বৃহৎ সংখ্যক লোকে জনসেৱা কৰি গৈছে৷
বিনা পাৰিশ্ৰমিকত কাম কৰি থকা এইসকল কোন বাৰু? বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকে কাম কৰি আছে এই সকল লোক কোন জানেনে? সেইসকল লোক হৈছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিসমূহত কৰ্মৰত অবৈতনিক কৰ্মচাৰীসকল। এইসকল লোকক চৰকাৰে পাৰিশ্ৰমিক আদায় নিদিয়াৰ ফলত ঘৰ চলাব নোৱাৰা পৰিবেশৰ সৃষ্টি হৈছে৷ পৰিয়ালৰৰ অচলাৱস্থাৰ ফলত এতিয়া হাহাকাৰ অৱস্থা৷ এসাজ ভাতৰ বাবে নিজে হাহাকাৰ কৰিলেও ৰাইজক সময় মতে, বিশুদ্ধ খোৱা পানী যোগান ধৰি গৈছে এইসকল লোকে৷
ৰাইজক বিশুদ্ধ খোৱা পানী যোগান ধৰাত ব্যস্ত হৈ থকা এইসকল লোকৰ কথা ভাবিছে নে বিভাগীয় মন্ত্ৰী ৰিহন দৈমাৰীয়ে। অবৈতনিক ভাৱে ১০-১৫ বছৰ ধৰি কাম কৰি থকা এইসকল লোকৰ চাকৰি নিয়মীয়া নকৰাৰ লগতে দৰমহা সময় মতে আদায় দিয়া নাই চৰকাৰে৷ চাকৰি নিয়মীয়াকৰণৰ দাবীত সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি দাবী জনাই অহাৰ পিছতো ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাই বুলি ৰাজ্যৰ বিশুদ্ধ পানী যোগান আঁচনিসমূহত কৰ্মৰত অবৈতনিক শ্ৰমিকসকলে৷
বিগত ২০০৫ চনৰ পৰাই সমগ্ৰ অসমৰ প্ৰায় ৭ হাজাৰ এনে কৰ্মচাৰীয়ে পাৰিশ্ৰমিকৰ নামত এটকাও নোপোৱাকৈয়ে কেৱল চৰকাৰী পক্ষৰ আশ্বাসৰ ওপৰত ভৰষা কৰি সেৱা আগবঢ়াই আহিছে। ২০১৬ বৰ্ষৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি এইসকল কৰ্মচাৰীক ৬ হাজাৰ টকাকৈ ফিক্সড-পে আদায় দিয়াৰ কথা আছিল যদিও আজিও সেয়া আজিলৈ পাবলৈ সক্ষম নহ’ল।
যাৰ বাবে এতিয়া চৰম হতাশাত ভুগিছে এইসকল কৰ্মচাৰী। সময়ে সময়ে এইসকল কৰ্মচাৰীয়ে চাকৰি নিয়মীয়া কৰিবলৈ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক হেঁচা প্ৰয়োগ কৰি আহিছে যদিও সেয়া সকলো ফুটুকাৰ ফেন হৈ পৰিছে। সম্প্ৰতি ক’ৰোনা কালত ভীষণ আৰ্থিক সংকটৰ সন্মুখীন হৈছে এইসকল বেতনবিহীন কৰ্মচাৰী৷