ডিজিটেল ডেস্কঃ সুৰেশ ৰাইনাৰ আত্মীয় হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে পঞ্জাৱ আৰক্ষীয়ে৷ এই কথা খোদ উল্লেখ কৰিছে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে৷ ধৃত তিনিও হত্যাকাৰী আন্তঃৰাষ্ট্ৰীয় কেইবাটাও লুট-পাট কাণ্ডত জৰিত থকাৰ অভিযুক্ত৷ পঞ্জাৱ আৰক্ষীৰ সঞ্চালক প্ৰধান দিনকৰ গুপ্তাই কয় যে এই ঘটনাৰ সৈতে ১৪ জন দুৰ্বৃত্ত জৰিত যদিও ১১ জন বৰ্তমানেও পলাতক৷
ব্যক্তিগত কাৰণত আইপিএল-২০২০ত অংশ গ্ৰহণ নকৰি দেশলৈ উভতি আহিছিল ভাৰতৰ ক্ৰিকেটাৰ সুৰেশ ৰাইনা৷ ২৯ আগষ্টত ডুবাইৰ পৰা চেন্নাই চুপাৰ কিংছৰ কেম্পৰ পৰা ভাৰতলৈ ৰাওনা হৈছিল৷ কিন্তু ৰাইনাই কেম্প এৰি অহাৰ কাৰণ ৰাজহুৱা কৰা নাছিল যদিও পৰিয়ালৰ লোকক আক্ৰমণ কৰি হত্যা কাৰ বাবেই কেম্প এৰি অহা বুলি সন্দেহ কৰা হয়৷
পঞ্জাৱৰ পাঠাকোটত দুৰ্বত্তৰ আক্ৰমণ সংঘটিত হয় ১৯ আগষ্টত৷ এই আক্ৰমণত সুৰেশ ৰাইনাৰ পেহাক নিহত হোৱাৰ লগতে পেহীয়েকৰ সংকটজনক অৱস্থা বুলি জানিব পৰা গৈছিল৷ ৰাইনাৰ পেহাকৰ ঘৰ হৈছে পাঠানকোটৰ থাৰিয়ালত৷ পাঠানকোটত পেহাকৰ পৰিয়াল বসবাস কৰি আহিছে৷ খবৰ মতে, ১৯ আগষ্টত অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত দুৰ্বত্তই আক্ৰমণ কৰিছিল সুৰেশ ৰাইনাৰ পেহাৰ ঘৰত৷
হস্পিতালত এই মুহূৰ্তত সুৰেশ ৰাইনাৰ পেহীয়েক মৃত্যুৰ সৈতে যুঁজ দিছিল৷ এই আক্ৰমণত মৃত্যু হৈছে পেহাক ৫৮ বছৰীয়া অশোক কুমাৰৰ৷ অশোক কুমাৰৰ দুই পুত্ৰ আছে৷ আক্ৰমণত দুই পুত্ৰও আহত হৈছে৷ অশোক কুমাৰৰ বৃদ্ধ পিতৃ-মাতৃও আহত হৈছে৷ প্ৰথম অৱস্থাত এই ঘটনাক গুৰুত্ব প্ৰদান কাৰ নাছিল স্থানীয় আৰক্ষী৷ যেতিয়া ক্ৰিকেটাৰ সুৰেশ ৰাইনাৰ আত্মীয় বুলি অৱগত হয় তেতিয়াই আৰক্ষীৰ জোৰদাৰ তদন্ত আৰম্ভ কৰে৷