ডিজিটেল ডেস্ক : অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবলী বৰুৱা অসুস্থ৷ বিগত পাঁচদিন ধৰি গুৱাহাটীস্থিত হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছে৷ পোষ্ট ক’ভিডৰ সমস্যাৰ বাবে চিকিৎসাধীন হৈ আছে কণ্ঠশিল্পীগৰাকী৷
পোষ্ট ক’ভিডৰ জটিলতাৰ লগতে ভাইৰেল নিউমোনিয়াত আক্ৰান্ত কণ্ঠশিল্পীগৰকাী৷ বৰ্তমান জুবলীৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে৷