বাংলা বোলছবি জগতৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে আত্মহত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অভিনেত্ৰী পল্লৱী দেই নিজ কোঠাতে আত্মহত্যা কৰে। পল্লৱীৰ মৃতদেহ দেওবাৰে দক্ষিণ কলকাতাৰ ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয়। ভাড়াঘৰৰ ফেনত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়। বঙালী অভিনেত্ৰী পল্লৱী দেৰ মৃতদেহ কলকাতাৰ গাৰ্ফা অঞ্চলৰ ফ্লেটত মৃত অৱস্থাত পোৱা যায়। পুৱা তাইৰ ঘৰৰ পৰা তাইৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। প্ৰাথমিক তদন্তৰ পিছতে এইটো আত্মহত্যাৰ ঘটনা বুলি কয় আৰক্ষীয়ে। মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। কলকাতা আৰক্ষীয়ে অপ্ৰাকৃতিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ২১ বছৰীয়া অভিনেত্ৰী পল্লৱীয়ে বাংলাৰ কেইবাখনো ধাৰাবাহিক আৰু বোলছবিত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰিছিল৷