বৰপথাৰঃ আটছা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ অনুযায়ী আজি সমগ্ৰ অসমৰ বাগিছাই বাগিছাই জনজাতি কৰণ কৰা আৰু চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকা বৃদ্ধি কৰা দাবীক লৈ আটছাই প্ৰতিবাদ সাব্যস্ত কৰাৰ সমান্তৰালভাৱে সৰুপথাৰ আৰু বৰপথাৰ শাখা আটছাৰ উদ্যোগতো বৰপথাৰ দিঘলীহোলা চাহ বাগিছাৰ চাহ ফেক্টৰীৰ সন্মুখত শতাধিক চাহ শ্ৰমিকে প্ৰতিবাদ সাব্যস্ত কৰে।
আটছা জিন্দাবাদ, চাহ শ্ৰমিক জিন্দাবাদ, জনজাতি কৰণ প্ৰদান কৰা, চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকা বৃদ্ধি কৰা, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ গ’ বেক ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে।
উক্ত প্ৰতিবাদী কাৰ্যসূচীত আটছা সৰুপথাৰ শাখা সম্পাদক উমেশ ঘাটোৱাৰ, বৰপথাৰ শাখাৰ সভাপতি ৰবিন মহুৱা, সম্পাদক মনোজ মহানন্দৰ লগতে সংগঠনৰ ভালেকেইজন নেতা-কৰ্মী উপস্থিত থাকে।