বেবেজীয়াঃ নগাঁও জিলাৰ ৰহা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ মেধাৱী ছাত্ৰী শিখা মণি দাস এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ বাতৰিয়ে ৰহা মহাবিদ্যালয় পৰিয়ালক অতি ব্যথিত কৰিছে। অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীগৰাকী তেজৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ শেহতীয়াভাৱে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। ৰহা মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা ছাত্ৰীগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে তেওঁৰ চিকিৎসাত সহায়ক হোৱাকৈ কিছু আৰ্থিক সাহায্য প্ৰদান কৰা হয়। বুধবাৰে ৰহা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু উপাধ্যক্ষাৰ নেতৃত্বত যোৱা শিক্ষক তথা কৰ্মচাৰীৰ এটা গোটে শিখা মণি দাসৰ শ্ৰীমলা(গছপৰা)ৰ নিজা বাসভৱনত উপস্থিত হৈ পৰিয়ালৰ সদস্য সকলক মানসিক সাহস যোগোৱাৰ লগতে মহাবিদ্যালয়ৰ পৰিয়ালৰ হৈ অধ্যক্ষ ড° বেদ কুমাৰ চলিহাই ছাত্ৰীগৰাকীৰ মাতৃ মামণি দাসৰ হাতত কিছু আৰ্থিক সাহায্য প্ৰদান কৰে। ছাত্ৰীগৰাকীৰ পৰিয়ালে ৰহা মহাবিদ্যালয়ৰ এই পদক্ষেপৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটোত ৰহা মহাবিদ্যালয়ৰ গোটটোক সংগ দিয়ে স্থানীয় শিক্ষক তথা সমাজকৰ্মী দীপক দাসে৷ ইফালে, ৰহা মহাবিদ্যালয়ৰ গোটটোৱে হৃদয়বান লোক সকলক শিখা মণি দাসৰ প্ৰতি সহানুভূতি আৰু আৰ্থিক সহাঁৰি আগবঢ়াবৰ বাবে আহ্বান জনাইছে। ইচ্ছুক ব্যক্তিসকলে ভাৰতীয় ষ্টেট বেংকৰ ৰহা শাখাত থকা শিখা মণি দাসৰ মাতৃ মামণি দাসৰ বেংক নং 34695906758, IFSC-SBIN0003201ত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰিব।