সুৱদিসুৰীয়া অসমীয়া ভাষা জগত-সভাত আকৌ এবাৰ স্থান লাভ কৰিলে৷ উজ্জ্বল হৈ জিলিকি উঠিছে অসমীয়া ভাষা৷ অসমী আইৰ মুখৰ ভাষাটো ‘গুগল ট্ৰেন্সলেটৰ’ত নতুনকৈ সংযোজিত ২৪টা ভাষাৰ ভিতৰত অৰ্ন্তভুক্ত হোৱাত প্ৰতিগৰাকী অসমীয়াৰ লগতে দেশ-বিদেশৰ প্ৰতিগৰাকী অসমীয়াক বিমল আনন্দ লাভ কৰিছে। এই বহু প্ৰতীক্ষিত ডিজিটেল সংযোজনৰ বাবে গুগল কৰ্তৃপক্ষক অসমীয়া মানুহে ধন্যবাদ জ্ঞাপন কৰিছে। ভাষা অসমীয়া জাতিৰ সঞ্জীৱনী। অসমীয়া ভাষাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ যোগেদি আমাৰ মাতৃভাষাৰ শ্ৰীবৃদ্ধিৰ হ’কে কাম কৰা প্ৰতিজন অসমীয়াক অসমীয়াই ধন্যবাদ জ্ঞাপন কৰিছে৷ প্ৰাণৰো আপোন অসমীয়া ভাষাৰ চৰ্চা আৰু প্ৰয়োগ অব্যাহত ৰাখি ভাষাটোক চিৰচহকী কৰি ৰখাৰ আহ্বান বিভিন্ন জনৰ৷
গুগ’ল ট্ৰেন্সলেচনত অসমীয়া ভাষাৰ সংযোজনে এতিয়াৰে পৰা অসমীয়া ভাষাৰ জ্ঞানৰে দেশ-বিদেশৰ মানুহৰ লগত মত বিনিময় কৰিব পৰা যাব৷ ইংৰাজী নজনাকৈয়ে স্পেইন, জাপান, চীনলৈ গৈ আপুনি ভাব বিনিময় কৰিব পাৰিব৷ নিজৰ ভাষাত বক্তব্য দিলেই গুগ’লে অনুবাদ কৰিব অন্য ভাষালৈ অসম সাহিত্য সভাৰ লগতে একাংশ সচেতন অসমীয়াৰ নেৰানেপেৰা প্ৰচেষ্টাত সম্ভৱ হৈ উঠিছে এই কাম৷ ৫ লাখ ৬১ হাজাৰ ৫০০ অসমীয়া শব্দ সংযোজন হ’ল গুগ’লত৷ ২০২০ চনত লকডাউনৰ সময়ত অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই নতুন প্ৰজন্মক গুগ’লত অসমীয়া শব্দ সংযোজন কৰিবলৈ আহ্বান জনাইছিল৷ ২০২১ চনত বেটা ভাৰ্ছন সম্পাদনা কৰিবলৈ জনোৱা আহ্বানৰ পিছত অৱশেষত স্বীকৃতি পালে গুগ’লত অসমীয়া ভাষাই৷