লোহিত চন্দ্ৰ শালৈ, ছয়গাঁওঃ পুনৰ দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ গোৱৰ্ধনত ড্ৰাগছসহ ৩ জনক আটক কৰে মহানগৰ আৰক্ষীয়ে। মহানগীৰৰ যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত ৩ দিন ধৰি খাপ পিটি থকাৰ পিছতে শনিবাৰে অভিযানত সফল হয়। কামৰূপৰ উপ-আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ তৎপৰতাত দলটোৱে ড্ৰাগছসহ ধূপধৰাৰ বৰটাৰীৰ মোজাম্মিল হক আৰু হাফিজুৰ ৰহমানৰ লগতে ছয়গাঁৱৰ জাকিৰ হুছেইনক গ্ৰেপ্তাৰ কৰে। আৰক্ষী বিষয়া কপিল পাঠকে জানিবলৈ দিয়া মতে ৩ জন লোকে দীৰ্ঘদিন ধৰি নামনি অসমত বিভিন্ন প্ৰান্তত ড্ৰাগছৰ বেহা চলাই অহিছিল। চাবোনৰ ২৫টা বাকচত প্ৰায় ৩০৪ গ্ৰাম ড্ৰাগছ কঢ়িয়াই বিক্ৰী কৰিবলৈ অহা অৱস্থাত আৰক্ষীয়ে হাতে লোটে আটক কৰিবলৈ সক্ষম হয়। জব্দ কৰা ড্ৰাগছখিনিৰ আনুমানিক মূল্য ২ কোটি টকা হ’ব। আনহাতে আটকাধীন লোক ৩ জনে ব্যৱহাৰ কৰা এএছ-০১-ই-এল-৮৪১৩ নম্বৰৰ পালছাৰ মটৰ চাইকেলখনো জব্দ কৰে।