লোহিত চন্দ্ৰ শালৈ, ছয়গাঁওঃ ছয়গাঁও মহাবিদ্যালয়ৰ শিক্ষক আৰু আভ্যন্তৰীণ মান প্ৰত্যায়ন কোষৰ মহিলা কোষৰ উদ্যোগত আজি আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয়। ছয়গাঁও মহাবিদ্যালয়ৰ অধ্যাপিকা দিপিকা দাসে সভাপতিত্ব কৰা এখন সভাত আদৰণি ভাষণ দিয়ে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ নৱ কুমাৰ কলিতাই। সভাত বিশিষ্ট সাংবাদিক, কবি তথা গল্পকাৰ ৰত্না ভৰালীয়ে ভাষণ দি কয় যে সমাজৰ সিদ্ধান্ত নিৰ্ণয়কাৰী অৱস্থান বা পদবীসমূহলৈ নাৰীসকলে উত্তোৰণ ঘটাবলৈ অহৰহ সংগ্ৰাম কৰি আহিছে যদিও বৰ্তমানলৈকে সম্পূৰ্ণ সক্ষম হোৱা নাই। এই ক্ষেত্ৰত পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাই বাধা দি আহিছে বুলি মন্তব্য কৰি তেওঁ কয় যে সমাজ উত্তোৰণৰ দিশে আগবাঢ়িছে। নাৰী সকলো সেই স্থানলৈ আগবঢ়াৰ যিটো হেপাঁহ আছে তাৰ বাব আমি নিজকে গঢ়ি তুলিছো আৰু তাতেই নাৰী দিৱসৰ তাৎপৰ্য নিহিত হৈ আছে বুলিও তেওঁ কয়। সভাত কৃষি কৰ্মত পাৰদৰ্শী মহিলা খেতিয়ক কুঞ্জলতা ৰাভা আৰু আশা কৰ্মী জনুকা বিশ্বাসক মানপত্ৰৰে সম্বৰ্ধনা জনায়। মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে ছাত্র ছাত্ৰী সকলেও সভাত অংশগ্ৰহণ কৰে।