March 28, 2023, 1:41 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ছেপ্তেম্বৰৰ ভিতৰত পুনৰ ১০ হাজাৰ শিক্ষকক নিযুক্তিৰ আশ্বাস শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Reporter Name
  • Update Time : Friday, August 28, 2020
  • 114 Time View

গুৱাহাটীঃ ক’ৰোনা সন্ত্ৰাসৰ মাজতে শুকুৰবাৰে ৰাজ্যৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত ৫৩১৯গৰাকী শিক্ষকক স্থায়ী নিযুক্তি দিয়ে ৰাজ্যৰ শিক্ষা বিভাগে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাৰ উপস্থিতিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত নিয়োগ পত্ৰ বিতৰণ অনুষ্ঠানত নিযুক্তি পত্ৰ বিতৰণ কৰা হয়।

প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ত নিযুক্তি লাভ কৰা ৫৩১৯ শিক্ষক-শিক্ষয়িত্ৰীলৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী সোণোৱালে৷

শংকৰদেৱ কলাক্ষেত্ৰ অনুষ্ঠিত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে শিক্ষক নিযুক্তিৰে ৰাজ্যৰ খালী হৈ থকা শিক্ষক পদসমূহ পূৰণ কৰি অসমৰ শিক্ষা ব্যৱস্থাক এক নতুন গতি প্ৰদান কৰিবলৈ চৰকাৰে চেষ্টা চলাই আছে। পূৰ্বে শিক্ষা বিভাগত ব্যাপক অনিয়ম সংঘটিত হৈছিল বুলি কয়৷

ইফালে অনুষ্ঠানতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অহা ছেপ্তেম্বৰ মাহৰ ভিতৰত আৰু ১০ হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰে৷ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৰাজ্যত নতুনকৈ ৫০ হাজাৰ নতুন নিযুক্তিৰ লক্ষ্য বান্ধিছে লোৱাৰ লগতে ৭ ছেপ্তেম্বৰৰ পূৰ্বে হাইস্কুল পৰ্যন্ত শিক্ষক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব ৰাজ্যৰ শিক্ষা বিভাগে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে