March 30, 2023, 4:27 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ছিপ লৈ থকা অৱস্থাত এডাল গছৰ ডালত প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহ উদ্ধাৰ

Reporter Name
  • Update Time : Thursday, June 4, 2020
  • 154 Time View

কাছাৰঃ বৰাক উপত্যকাৰ কাছাৰ জিলাৰ ধলাই ৰাজঘাটত এহাল প্ৰেমিক-প্ৰেমিকাই একেডাল পঘাৰে আত্মহত্যা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ বৃহস্পতিবাৰে পুৱা ধলাই ৰাজঘাটত পথৰ দাতিৰ এডাল গছৰ ডালত প্ৰেমিক-প্ৰেমিকাৰ মৃতদেহ ছিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰে৷ লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে প্ৰেমিক-প্ৰমিকা হালক চিনাক্ত কৰিছে৷ জানিব পৰা মতে, কাছাৰৰ কচুধৰমৰ পৰা আত্মহত্যা কৰা যুৱতীগৰাকীয়ে ৰাজঘাটৰ মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহিছিল৷ যুৱকজন ৰাজঘাটৰে বুলি জানিব পৰা গৈছে৷

যুৱতীগৰাকীয়ে মোমায়েকৰ ঘৰলৈ অহাৰ পিছত কি কাৰণত প্ৰেমিক-প্ৰেমিকা হালে এনে সিদ্ধান্ত গ্ৰহণ কৰিলে সেই কথা জানিব পৰা হোৱা নাই৷ একাংশ লোকে দুয়োজনৰ মাজত দীৰ্ঘদিন ধৰি প্ৰেম-ভালপোৱা চলি আছিল বুলি কয়৷ আৰক্ষীয়ে ঘটনাৰ খবৰ পোৱাৰ পিছতে ঘটনাস্থলিত উপস্থিত হৈ প্ৰাথমিক তদন্তৰ অন্তত মৃতদেহ নমাই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়ালৈ কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে