নগাঁওঃ বিধায়িকা তথা বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে অশ্লীল মন্তব্য প্ৰকাশ কৰি ৰঙাঘৰত সোমাল এগৰাকী যুৱক৷ ডুমডুমীয়াৰ অভিনন্দন নাথ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে৷ নগাঁও জিলাৰ বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত অশ্লীল মন্তব্য কৰিছিল অভিনন্দন নাথে৷
জানিব পৰা মতে, বিধায়িকা আঙুৰলতা ডেকাৰ ফেচবুক পেইজ এটা পোষ্টত ‘আন্ধাৰৰ আঁৰত জোনাকী’ নামৰ এটা ফেচবুক একাউণ্টৰ পৰা অশ্লীল মন্তব্য প্ৰকাশ কৰিছিল। যাৰ বাবে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এগৰাকী বিজেপি কৰ্মীয়ে এই সংক্ৰান্তত নগাঁও আৰক্ষীক এজাহাৰৰ দাখিল কৰে৷
এজাহাৰ দাখিলৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে আৰু ডুমডুমীয়াৰ পৰা অভিনন্দন নাথ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে৷ একেটা ঘটনাৰ সম্পৰ্কতে আউনীআটীৰ পৰা গম্ভীৰ বৰা নামৰ আন এজন যুৱকক সোধা-পোছৰ বাবে আটক কৰিছে নগাঁও আৰক্ষীয়ে। এগৰাকী বিধায়িকাৰ বিৰুদ্ধে ফেচবুকত অশ্লীল মন্তব্য প্ৰকাশ কৰা যুৱকজন কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নেকি সেই কথা জানিব পৰা হোৱা নাই৷