থাওৰাঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অষ্টম বৰ্ষপূতি উপলক্ষে সেৱা, সুশাসন আৰু গৰীৱ কল্যাণ কাৰ্যসূচীৰ অধীনত ভাৰতীয় জনতা পাৰ্টীৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত সোণাৰি ৰাজহুৱা খেলপথাৰ প্ৰাংগণত আজি হিতাধিকাৰী সন্মিলন অনুষ্ঠিত কৰা হয়। এই সন্মিলনত অসম চৰকাৰৰ মন্ত্ৰী তথা মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহন, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, প্ৰকৃতিপ্ৰেমী তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, বিজেপিৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি লক্ষীনাথ তাছাকে প্ৰমুখ্যে কৰি দলৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকল উপস্থিত থাকে৷