দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ বিজেপি মুখ্য কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টীৰ ৪২তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। দলীয় পতাকা উত্তোলন কৰে জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাই। সামান্তৰাল ভাৱে সভা সম্বোধন কৰে জিলা বিজেপি সভাপতি লক্ষ্মীনাথ তাছা, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, ৰজকমল মহনে। ৪২তম প্ৰতিষ্ঠা দিৱসৰ সৈতে আজি সভাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসিক সম্বোধন কৰা লাইভত চৰাইদেউ জিলা বিজেপি দলীয় কৰ্মীসকলে লাইভ সম্প্ৰচাৰ উপভোগ কৰে।