গুৱাহাটী: অসমৰ কৃষি মাটিত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত বিভাগীয় অনুমতি প্ৰয়োজন নোহোৱা যি কেবিনেটৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ উল্লেখ্য যে যোৱা ২৯ জুনত অনুষ্ঠিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণেৱালৰ কেবিনেট বৈঠকত অসমৰ যিকোনো ভূমিত উদ্যোগ স্থাপনৰ ক্ষেত্ৰত বিভাগীয় অনুমতি প্ৰয়োজন নাই বুলি সিন্ধান্ত গ্ৰহণ কৰা হৈছিল৷
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনটোৰ সভাপতি ৰাজু বৰা, ভাস্কো-ডি শইকীয়া আৰু যুটীয়া সাধাৰণ সম্পাদক মুকুট ডেকাই কয় যে- ৰাজ্যৰ বিজেপি নেতৃত্বাধীন চৰকাৰে যোৱা ২৯ জুনত গ্ৰহণ কৰা এই সিদ্ধান্তই সমগ্ৰ অসমীয়া জাতিটোক,থলুৱা কৃষক আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকক বিপদৰ সন্মুখিন কৰিব৷ তদুপৰি অসমত বহিৰাগত বণিয়া-পুজিঁপতিৰ শ্ৰেণীৰ লুণ্ঠনৰ বাট প্ৰশস্ত কৰিব।
অন্যহাতে ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ পিছত অসমৰ ভূমি বহিৰাগত বনিয়াৰ হাতলৈ যোৱাৰ পথ সহজ হৈ পৰিব বুলি অভিযোগ উত্থাপন কৰি সংগঠনটোৱে। শীঘ্ৰে চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী জনাইছে। অন্যথা তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব বুলি মন্তব্য কৰিছে সংগঠনটোৰ নেতৃত্বই।