July 2, 2022, 2:40 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দেৱৰাজ ৰয় কলেজত “অসমীয়া গদ্যৰ গতিপথ” শীৰ্ষক মনোজ্ঞ বক্তৃতা অনুষ্ঠান কমতাপুৰ অটোনমাচ কাউঞ্চিলৰ সচিবালয় ভৱনৰ আনুষ্ঠানিক ভাবে মুকলি কমনৱেলথ গেমছত খেলাৰ যোগ্যতা অৰ্জন শিৱসাগৰৰ জীয়ৰী পপী হাজৰিকাই গোৱালপাৰাত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বিশেষ শিশু আৰক্ষী গোটৰ শুভ উদ্বোধন প্ৰথম খোজতে উন্নত ফলাফল পৰমাইভেটি জাতীয় বিদ্যালয়ৰ স্বামী স্ত্ৰীৰ চিপ লৈ আত্মহত্যা বিশিষ্ট সমাজকৰ্মী প্ৰতাপ বৰদলৈৰ পৰলোক নগাঁওত বন্যাৰ্তক বান সাহায্য বিতৰণ কানহায়ালাল হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব NIAক প্ৰদান কামৰূপ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক সম্পন্ন

চৰকাৰে পদত্যাগ কৰক, নহ’লে কৰক এই কামঃ মৌনতা ভংগ কৰি আন্দোলনৰ ঘোষণা আন্নাৰ

Reporter Name
  • Update Time : Monday, May 16, 2022
  • 30 Time View

গান্ধীবাদী প্ৰবীণ সমাজকৰ্মী আন্না হাজাৰেয়ে পুনৰ মহাৰাষ্ট্ৰৰ উদ্ধৱ ঠাকৰে চৰকাৰক ধমক প্ৰদান কৰিছে৷ দীৰ্ঘদিনে নীৰৱে থকা আন্নাই দেওবাৰে হঠাতে মৌনতা ভংগ কৰি মহাৰাষ্ট্ৰ চৰকাৰক লোকায়ুক্ত আইন প্ৰণয়ন কৰাৰ দাবী জনাই৷ অন্যথাই চৰকাৰক পদত্যাগ কৰিবলৈ সতৰ্ক কৰি দিয়ে। সমগ্ৰ ৰাজ্যখনত এক গণ আন্দোলন আৰম্ভ কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে বুলি কয় আন্নাই।

আহমেদনগৰৰ গৃহ জিলাত আন্নাই দেওবাৰে উদ্ধৱ ঠাকৰে চৰকাৰৰ মূৰৰ বিষ বৃদ্ধি কৰিবলৈ আন্দোলন ঘোষণা কৰে। দৰাচলতে আন্নাৰ দাবী অনুসৰি আঢ়ৈ বছৰ আগতে মহাৰাষ্ট্ৰত শাসনলৈ অহা মহা বিকাশ আঘাড়ী চৰকাৰে লোকায়ুক্ত আইন প্ৰস্তুত কৰাৰ বাবে লিখিত আশ্বাস দিছিল। ইমান সময় পাৰ হৈ যোৱাৰ পিছতো এই ক্ষেত্ৰত কোনো দৃঢ় পদক্ষেপ লোৱা নাই।

যদিও আন্না হাজাৰেয়ে যোৱা চাৰি দশক ধৰি মহাৰাষ্ট্ৰত সুৰা মাফিয়া আৰু চৰকাৰী দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে৷ ২০১১ চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা আন্নাই দিল্লীলৈ আহি দুৰ্নীতিৰ বিৰুদ্ধে এক শক্তিশালী জন লোকপাল আইন প্ৰণয়ন কৰিবলৈ আন্দোলন কৰিছিল। একেটা আন্দোলনৰ জৰিয়তে বহু নতুন মুখে সক্ৰিয় ৰাজনীতিত জঁপিয়াই পৰিছিল৷ আটাইতকৈ চৰ্চিত নাম আছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। দিল্লীৰ ৰামলীলা ময়দানত ১০ দিন ধৰি চলি থকা আন্দোলন সন্দৰ্ভত কোৱা হৈছিল যে সংঘ আৰু বিজেপিয়ে প্ৰতিদিনে হাজাৰ হাজাৰ লোকৰ বাবে খাদ্য আৰু অন্যান্য সুবিধাৰ ব্যৱস্থা কৰাত পৰ্দাৰ পিছফালৰ পৰা অৱদান আগবঢ়াইছিল৷

কিয়নো আন্না আৰু সহকৰ্মীসকলে ইমান বৃহৎ পৰিমাণে ইয়াক আয়োজন কৰাটো সম্ভৱ নহয়। একে আন্দোলনে সমগ্ৰ দেশৰ দুৰ্নীতিৰ বিৰুদ্ধে এক আখ্যান স্থাপন কৰিছিল৷ যিয়ে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত মনমোহন সিং চৰকাৰৰ প্ৰস্থান আৰু বিজেপি শাসনলৈ অহাৰ বাবে আটাইতকৈ ডাঙৰ সঁজুলি হিচাপে প্ৰমাণিত হৈছিল।

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ খবৰ ৰখাসকলে বিশ্বাস কৰে যে যোৱা দুবছৰ ধৰি নিজৰ গাঁৱৰালেগান সিদ্ধিত বিশ্ৰাম লৈ থকা আন্না হাজাৰেয়ে হঠাতে আন্দোলন আৰম্ভ কৰাৰ সপোন দেখা নাই। এক ৰাজনীতিৰ মুখামুখি হোৱাৰ ধৰণে প্ৰস্তুত কৰা বুলি কয়৷ যিহেতু আন্নাৰ ভাবমূৰ্তি আজিও বিশ্বাসযোগ্য৷ কোনেও সহজে আঙুলি টোৱাব নোৱাৰে৷ আন কোনো শক্তিৰ নিৰ্দেশত চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰিব নেকি আন্নাই? তাকে লৈ উদয় হৈছে প্ৰশ্ন?

মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ ঘটনাৱলী বিশ্লেষণ কৰা সকলে বিশ্বাস কৰে যে উদ্ধৱ চৰকাৰক পতনৰ বাবে বিৰোধীয়ে কৰা প্ৰচেষ্টা এতিয়ালৈকে ফ্লপ প্ৰমাণিত হৈছে। চৰকাৰৰ দুজন মন্ত্ৰীক গ্ৰেপ্তাৰ, আজান বনাম হনুমান চালিছা, আজানত লাউড স্পীকাৰৰ বিষয়ে চৰকাৰক থৰক-বৰক কৰিব পৰা নাই। এই অজুহাতত, ৰাজ্যখনৰ সাম্প্ৰদায়িক পৰিৱেশ বিনষ্ট কৰাৰ প্ৰয়াস আৰু ৰাষ্ট্ৰপতি শাসন জাৰিৰ কথাও চৰ্চা হৈ আহিছে। এই সময়ত চৰকাৰক শৈলঠেকত পেলবালৈ আন্নাতকৈ ডাঙৰ মুখ থাকিব নোৱাৰে৷ যাৰ আন্দোলনত সাধাৰণ লোকৰ অংশগ্ৰহণ কৰে৷ কিন্তু আন্না হাজাৰেৰ এই ভাবুকিয়ে উদ্ধৱ চৰকাৰৰ চিন্তা কিমান বৃদ্ধি কৰিব সেয়া লক্ষ্যণীয় হ’ব৷

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে