গুৱাহাটীঃ আজি পুৱাৰে পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ অধিবেশনৰ প্ৰথম দিনটোতে হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়৷ চৰকাৰে কোভিড-১৯ৰ সন্দৰ্ভত আলোচনা নকৰাৰ অভিযোগত বিৰোধীয়ে সদন ত্যাগ কৰে৷ বিধানসভাৰ অধ্যক্ষই বিৰোধীৰ সভা স্থগিত প্ৰস্তাৱ গৃহীত নকৰাৰ বাবেই কংগ্ৰেছ আৰু ইউডিএফ বিধায়কসকলে দিনটোৰ বাবে সদন ত্যাগ কৰে৷