ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে বানৰ বিভিষিকাময় পৰিস্থিতি৷ বাঢ়নি পানীয়ে উটুৱাই নি প্ৰাণ কাঢ়িছে বহুজন নিৰীহৰ৷ দেওবাৰে বাঢ়নি পানী চাবলৈ যোৱা ৰঙিয়াৰ ছেপ্তীৰ দুই বন্ধু হিমাংশু দাস আৰু জুমন দাসক পলকতে উটুৱাই নিয়ে৷ ইতিমধ্যে সোমবাৰে হিমাংশু দাসৰ মৃতদেহ SDRF বাহিনীয়ে উদ্ধাৰ কৰিছিল৷ কিন্তু উদ্ধাৰ হোৱা নাছিল জুমন দাসৰ মৃতদেহ৷ অৱশেষত মঙলবাৰে উদ্ধাৰ কৰা হয় জুমন দাসৰ মৃতদেহ৷ এইলৈ দুই পৰিয়ালৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে৷
ৰাজ্যৰ ৩৩ খন জিলাৰ ১২৭ টা ৰাহজ চক্ৰৰ ৫১৩৭ খন গাঁও বানৰ কবলত৷ সংহাৰী বানৰ লগতে ভুটৰ ওপৰত দানহ পৰা দি ঠায়ে ঠায়ে হৈছে ভূমিস্খলন ৷ বৰ্তমানলৈকে ৰাজ্যত বান আৰু ভূমিস্খলনত মৃত্যু হৈছে ৮২ জন লোকৰ ৷ গৃহহীন হৈছে শতাধিক পৰিয়ালৰ, লগতে বিলৈ বিপত্তি নাইকীয়া হৈছে পোহনীয়া জীৱ-জন্তু লগতে বন্যপ্ৰাণীৰ