ৰজনীকান্ত পাংগিংঃ শিৱসাগৰ জিলা পৰিষদ আৰু ৰেচম বিভাগৰ যৌথ উদ্যোগত ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম পানীদিহিং গাঁও পঞ্চায়তৰ মিলনকুৰ গাঁৱৰ চাপৰিত এমজি এনৰেগা আঁচনিৰ জৰিয়তে ২০২২-২৩ বৰ্ষত প্ৰায় ডেৰশ বিঘা মাটিত চোম গছ ৰোপণৰ পৰিকল্পনা হাতত লৈছে৷ অতি পিছপৰা আৰু দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা এই অঞ্চলৰ জনসাধাৰণ আৰ্থিক ভাৱে স্বচ্চল কৰিবৰ বাবে এই পৰিকল্পনা কৰিছে শিৱসাগৰ জিলা পৰিষদ-ৰেচম বিভাগে৷ চোম গছত মুগা পালনেৰে গাঁৱৰ শিপীনিসকল অধিক স্বাৱলম্বি হ’ব পাৰিব বুলি কোৱা হৈছে৷ আজি পৰিকল্পনা বাস্তৱায়িত কৰাৰ লক্ষ্যৰে শিৱসাগৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলে আৰু ডিমৌ উন্নয়ন খণ্ডৰৰ নেতৃত্বত মিলনকুৰ গাঁৱৰ চাপৰিত চোম গছৰ পুলি ৰোপণৰ শুভাৰম্ভ কৰা হয়৷ নাৰিকল ভাঙি চোম পুলি ৰোপণ অনুষ্ঠানটো শুভাৰম্ভ কৰে ৰেচম বিভাগৰ শিৱসাগৰ জিলাৰ প্ৰকল্প বিষয়া ড০ দীপক নাথে৷ ফিটা কাটে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেই৷ অনুষ্ঠানত ৰেচম বিভাগৰ পথ প্ৰদৰ্শক বীৰেন মিলি, ডিমৌ উন্নয়ন খণ্ডৰ কনিষ্ঠ অভিযন্তা মৃণাল পাংগিং, উমা টায়ে, মিলনকুৰ ৱাৰ্ডৰ সদস্যা জয়াৱতী পেগু কামান, বৃৰক কামান, বিদ্ধেশ্বৰ চুংক্ৰাং, কিশোৰ দলে, বিপুল পাংগিং, প্ৰণৱ য়েইন, দেৱজিৎ চুংক্ৰাং উপস্থিত থাকে৷