ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ আক্ৰমণৰ আজি অষ্টম দিন৷ অষ্টম দিনটোত ৰাছিয়াৰ আক্ৰমণত বৃহৎ ক্ষতি হয় ইউক্ৰেনৰ৷ ইউক্ৰেইনৰ চেৰনিহিভত ৰাছিয়াৰ বিমান আক্ৰমণত ২২ জন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে৷ চৰকাৰী প্ৰতিষ্ঠান আৰু আৱাসীক এলেকাত হোৱা আক্ৰমণত ২২গৰাকী লোকৰ মৃত্যু হৈছে৷ ইউক্ৰেইনত হোৱা আক্ৰমণৰ অষ্টম দিনা ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে ৰাছিয়াই ইউক্ৰেইনত ইয়াৰ অভিযানৰ লক্ষ্য প্ৰাপ্ত কৰিব। প্ৰকৃততে, ৰাছিয়াই ইউক্ৰেইনৰ চহৰসমূহৰ নিয়ন্ত্ৰণ কৰিছে আৰু ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ওচৰত বোমা বিস্ফোৰণ তীব্ৰতৰ কৰি তুলিছে। ৰাছিয়াৰ বাহিনীয়ে দক্ষিণ ইউক্ৰেইনৰ খেৰচনৰ কৃষ্ণ সাগৰ বন্দৰ দখল কৰিছে৷ মস্কোৱে দখল কৰা প্ৰথম মুখ্য চহৰ। মাৰিয়পোলৰ কৌশলগত বন্দৰ চহৰক আৱৰি ৰখাত পানী আৰু বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে বন্ধ হৈ আছে।