মানিকপুৰঃ ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে সততাৰে যুঁজ দিয়া পৰিলক্ষিত হৈছে। সংক্ৰমণ ৰোধ তথা সংক্ৰমিত লোকৰ সু-চিকিৎসাৰ ব্যৱস্থা কৰি ৰোগীৰ নামত কোটি কোটি টকা ব্যয় কৰিছে চৰকাৰে৷ বহিঃৰাজ্যৰ পৰা অহা লোকক কোৱাৰাণ্টাইন কেন্দ্ৰ স্থাপন কৰি কোৱাৰাণ্টাইন কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰে৷ চৰকাৰে ৰোগ আৰু সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ সময়তে কোৱাৰাণ্টাইন কেন্দ্ৰৰ পৰা সমগ্ৰী চুৰি কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছে বঙাইগাঁও জিলাত৷
বঙাইগাঁৱৰ চাকলা চি কে মহাবিদ্যালয়স্থিত কোৱাৰাণ্টাইন কেন্দ্ৰৰ পৰা টিনপাত, দমকল চুৰি কৰি নিয়াৰ অভিযোগ উত্থাপন হৈছে৷ চি কে মহাবিদ্যালয়ত চৰকাৰে স্থাপন কৰিছে কোৱাৰাণ্টাইন কেন্দ্ৰৰ পৰা বৃহস্পতিবাৰে নিশা ৩২ খন টিনপাত, দুটা দমকল আৰু আন আন সামগ্ৰী চুৰি হয়। শুকুৰবাৰে চুৰি কাণ্ড সংঘটিত হোৱাৰ বিষয়ে অৱগত হোৱাত ঘটনা সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষক অৱগত কৰে স্থানীয় ৰাইজে।
এই পৰ্যন্ত অধ্যক্ষই কোনো ধৰণৰ পদক্ষেপ লোৱা নাই বুলি জানিব পৰা গৈছে৷ ঘটনা সন্দৰ্ভত কোকিলা আৰক্ষীক অৱগত কৰে স্থানীয় যুৱকসকলে। জানিব পৰা মতে, পিছত পঞ্চায়ত সদস্য ৰাশিদুল ইছলামৰ ঘৰৰ পৰা সামগ্ৰীবোৰ ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। মহাবিদ্যালয়খনৰ অধ্যক্ষ শ্বহিদুল ইছলামৰ গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হোৱা বুলি কয় স্থানীয় ৰাইজে।