March 31, 2023, 8:39 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

চোৰাং চিকাৰী বন্ধুৱে গুলীয়াই হত্যা কৰিছিল বিশ্বনাথৰ বিনোদক, অস্ত্ৰ সহ জালত হত্যাকাৰী

Reporter Name
  • Update Time : Friday, June 19, 2020
  • 175 Time View

জোনমণি বেগ, বিশ্বনাথঃ দুদিন পূৰ্বে এগৰাকী খৰি কটীয়াক বিশ্বনাথ চাৰিআলিৰ অসম-অৰুণাচল সীমান্তৰ পাচলগীত গুলীয়াই হত্যা কৰাৰ ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিছে৷ কোনো উগ্ৰপন্থী তথা অচিনাক্ত বন্দুকধাৰীয়ে বিনোদ ৰাজগড় নামৰ যুৱকজনক হত্যা কৰা নাছিল৷ তেওঁক হত্যা কৰিছিল খৰি কটীয়াৰ বন্ধু চোৰাং চিকাৰী বিশ্বজিৎ সোমাইনা দৈমাৰীয়ে৷ সোমাইনাই নিজ হাতত থকা বন্দুকেৰে গুলীয়াই হত্যা কৰিছিল বন্ধু বিনোদ ৰাজগড়ক৷ এই কাণ্ড সংঘটিত হৈছিল মঙলবাৰে৷

মঙলবাৰে বনাঞ্চলত খৰি আনিবলৈ যোৱা বিনোদ ৰাজগড়ক যুৱকজনক অচিনাক্ত দুবৃত্তই গুলীয়াই হত্যা কৰা বুলি প্ৰচাৰ হৈছিল৷ এই খবৰে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ দুৰ্বত্তই হত্যা কৰা যুৱকজনৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ প্ৰতিশ্ৰুতি দিলেহে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিবলৈ দিব বুলি হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি কৰিছিল৷

কিন্তু সেই ঘটনাৰ ৪৮ ঘণ্টা পাৰ নৌহওঁতেই বিশ্বনাথ আৰক্ষীয়ে উৎঘাটন কৰিলি ঘটনাৰ প্ৰকৃত ৰহস্য৷ ইতিমধ্যে অস্ত্ৰসহ গ্ৰেপ্তাৰ কৰিলে হত্যাকাৰী তেওঁৰ বন্ধু বিশ্বজিৎ দৈমাৰি ওৰফে সোমনাক৷ জানিব পৰা মতে, বিনোদ ৰাজগড়ে খৰিকাটিবলৈ নহয়, বনাঞ্চলত প্ৰবেশ কৰিছিল চোৰাং চিকাৰৰ বাবে৷ উক্ত দিনা চোৰাং চিকাৰৰ বাবে বন্ধু বিশ্বজিতৰ সৈতে হস্ত্ৰ নিৰ্মিত বন্দুক সহ জংঘলত প্ৰৱেশ কৰিছিল বিনোদ ৰাজগড়৷

জংঘলৰ ভিতৰত দুয়োৰে অজ্ঞাত কাৰণত কাজিয়াৰ সূত্ৰপাত হয় আৰু সোমাইনা দৈমাৰিয়ে নিজ হাতত থকা বন্দুকৰেই বিনোদ ৰাজগড়ক গুলীয়াই হত্যা কৰে। তাৰ পিছতে বিনোদৰ হাতত থকা বন্দুকটো ঘটনা সংঘটিত কৰা স্থানৰ কাষতে পেলাই হত্যাকৰী বিশ্বজিৎ ওৰফে সোমাইনাই সেই স্থানৰ পৰা আহি তেওৰে বন্ধু তথা প্ৰাক্তন এন ডি এফ বিৰ বিষয়া গবলাই বসুমতাৰীৰ হাতত বিশ্বজিতে নিজৰ বন্দুকটো ৰাখিবলৈ দি বিনোদৰ পৰিয়ালক এই গবলাইৰ দ্বাৰাই সমস্ত ঘটনাৰ এক নাটকীয় ৰূপ দিবলৈ চেষ্টা কৰে।

আনহাতে বিনোদ আৰু বিশ্বজিত ওৰফে সোমাইনাক চিকাৰৰ বাবে হস্ত নিৰ্মিত বন্দুক বাৰুদ যোগান দিছিল তেওঁলোকৰে বন্ধু কমল বসুমতাৰীয়ে। ইতিমধ্যে এই ঘটনা সংঘটিত হোৱা ৪৮ঘন্টাৰ ভিতৰতে বিশ্বনাথ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নেতৃত্বত বিশ্বনাথ আৰক্ষীৰ এটা দলে এই হত্যাকাণ্ড সংঘটিত কৰা বিশ্বজিত ওৰফে সোমাইনা দৈমাৰী লগতে এই হত্যাকাণ্ডত অস্ত্ৰ যোগান ধৰা কমল বসুমতাৰী আৰু এই হত্যাক নাটকিয় ৰূপ দিবলৈ চেষ্টা কৰা তথা এন ডি এফ বিৰ প্ৰাক্তন বিষয়া গবলাই বসুমতাৰীক দুটা হস্ত্ৰ নিৰ্মিত বন্দুক, বাৰুদ সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

কিন্তু এতিয়া পৰ্যন্ত বিশ্বজিত ওৰফে সোমাইনাই কিয় বিনোদ ৰাজগড়ক গুলীয়াই হত্যা কৰিলে সেই কথা স্বীকাৰ নকৰি দুৰ্ঘটনাবশত বন্দুকৰ গুলী ওলাই বিনোদ ৰাজগড় নিহত হৈছিল বুলি বুলিহে মন্তব্য কৰিছে যদিও আৰক্ষীয়ে এই কথা মানিব খোজা নাই৷ সেয়েহে সোমাইনাক সোধা-পোছা অব্যাহত ৰাখিছে। হত্যা নে দুৰ্ঘটনা সেইয়া সময়ত৷ পোহৰলৈ আহিব যদিও চোৰাংচিকাৰীৰ দপদপনিযে অসম-অৰুণাচল সীমান্ততো অব্যাহত আছে সেই কথা এই ঘটনাই প্ৰমান কৰিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে