টীয়কঃ বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত চেলেংহাটলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মেধা ছাত্ৰী দীক্ষা বৰাই৷ ৯০.৮৮ শতাংশ নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ছাত্ৰীগৰাকীয়ে। আমগুৰি অৰুনোদয় একাডেমীৰ পৰা পৰীক্ষাত বহা ছাত্ৰীগৰাকী চেলেংহাট কুকুৰাছোৱা গাঁৱৰ দিলিল বৰা আৰু জোনমণি বৰাৰ কন্যা।
দীক্ষাই ১২ নম্বৰৰ বাবে প্ৰথম দহটা স্থানৰ পৰা বঞ্চিত হয়। স্থান লাভৰ পৰা বঞ্চিত হ’লেও ফলাফলক লৈ সুখী দীক্ষা৷ যি খিনি পাইছো তাকে লৈ সুখী বুলি কৈ স্থান লাভ কৰাটো বিশেষ গুৰুত্ব পূৰ্ণ নহয় বুলি কয়।
নিজকে এগৰাকী সু-নাগৰিক ৰূপে গঢ় দিব খোজা দীক্ষাই ভৱিষ্যতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মনত পুহি ৰাখিছে। ছাত্ৰীগৰাকীয়ে কটন নতুবা তেজপুৰ বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত অধ্যয়ন কৰাৰ চিন্তা চৰ্চা কৰা বুলি জানিবলৈ দিয়ে। আপকুৰ যোৰহাট জিলা সমিতিয়ে অভিনন্দন জনোৱাৰ লগতে শিক্ষা জীৱন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সহায়-সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আপকুৱে।