বোকাজানঃ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কৌশলেৰে চুৰি কৰি অনা বাহনসমূহ অসমৰ মাজেৰে চুবুৰীয়া ৰাজ্যলৈ সৰবৰাহ কৰা বৃহৎ গাড়ী চুৰি চক্ৰৰ বিৰুদ্ধে কাৰ্বি আংলং আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। শেহতীয়াকৈ ভালেসংখ্যক চুৰি বাহনসহ কেইবাটাও দুৰ্ধৰ্ষ আন্তঃৰাজ্যিক গাড়ীচোৰ কাৰ্বি আংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ সময়তে শুক্ৰবাৰে নিশা চলোৱা অভিযানত মাঞ্জা আৰক্ষীয়ে পুনৰ এক গাড়ীচোৰ চক্ৰ জালত পেলাবলৈ সক্ষম হোৱাৰ লগতে গাড়ীচোৰ চক্ৰই আৰক্ষীৰ চকুত ধূলি দি চুৰি গাড়ীৰ সৰবৰাহ অব্যাহত ৰখাৰ বাবে নিত্য নতুন কৌশল অৱলম্বন কৰাৰ তথ্য পোহৰলৈ আহিছে।
উল্লেখ্য যে শুক্ৰবাৰে নিশা প্ৰায় ৮ বজাত ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত মাঞ্জা আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীত এইচ আৰ-৮৩-৬০০৯ নম্বৰৰ এখন বগা ৰঙৰ স্ক’ৰপিঅ’ এছ ১১ মডেলৰ বিলাসী বাহন প্ৰত্যক্ষ কৰে। আৰক্ষীৰ সন্দেহ হোৱাত বাহনখনত তালাচী চলোৱাত বাহনখনৰ আৰোহী দুগৰাকীয়ে প্ৰদৰ্শন কৰা নথি-পত্ৰৰ সৈতে বাহনখনৰ প্ৰকৃত ইঞ্জিন নম্বৰৰ কোনো মিল নথকাত বাহনখন চুৰি কৰি অনাৰ লগতে গাড়ীচোৰ চক্ৰই স্ক’ৰপিঅ’খনৰ চেছিছ নম্বৰ কৌশলেৰে সলনি কৰি পেলোৱা বুলিও আৰক্ষী নিশ্চিত হয়।
মাঞ্জা আৰক্ষীয়ে লগে লগে বহিঃৰাজ্যৰ দুই দুৰ্ধৰ্ষ গাডীচোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে বাহনখন জব্দ কৰে। ধৃত গাড়ীচোৰ দুটা ক্ৰমে মণিপুৰৰ থৌবাল জিলাৰ কাকচিং থানাৰ অন্তৰ্গত ফুন্দ্ৰাই খংজামৰ মঃ হামিদ শ্বাহ (২২) আৰু মণিপুৰৰে বিষ্ণুপুৰ জিলাৰ মইৰাং থানাৰ অন্তৰ্গত কোৱাটা খুমানৰ ৱাৰিছ খান (২৪) বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত মাঞ্জা আৰক্ষীয়ে থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯/৪১১/৪৬৮ ধাৰাত ৩২/২০ নম্বৰত এক গোচৰ ৰুজু কৰি ধৃত গাড়ীচোৰ দুটাক আদালতৰ জৰিয়তে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে চুৰি বাহনখনৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।