ৰঙিয়াৰ পৰা ভাস্কৰ কলিতাঃ ৰঙিয়া আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা অভিযান চলাই চাৰিখনকৈ চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে তিনিজনকৈ বাইক চোৰক আটক কৰিবলৈ সক্ষম হয়৷ ৰঙিয়াৰ বৰলেছাকোনাৰ ৰেকিবুল আলী, তৰিফুল আলী আৰু কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কছৰুৱাৰ ডিম্পু আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। চুৰি কৰি অনা দুখন পালছাৰ ২২০, এখনকৈ বুলেট আৰু স্প্লেণ্ডাৰ এঘৰ লোকৰ ঘৰত মজুত কৰি ৰখাৰ সময়তে উদ্ধাৰ হয়। এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া আৰক্ষীয়ে বাইক কেইখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে বাইক কেইখনৰ নম্বৰ প্লেট সলনি কৰাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে গৰাকীৰ সবিশেষ তথ্য লাভ কৰাৰ বাবে ইঞ্জিনৰ নম্বৰ পৰীক্ষা কৰি আটাইকেইগৰাকী গুৱাহাটী মহানগৰীৰ বুলি নিশ্চিত হৈছে। লক্ষণীয় বিষয়টো হল আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি চুৰিকাণ্ডত জড়িত থকা যুৱক কেইজন ২৫ বছৰ বয়সৰ অনুৰ্ধৰ।