লোহিত চন্দ্ৰ শালৈ, ছয়গাঁওঃ পুনৰ ছয়গাঁও আৰক্ষীৰ জালত পৰিল চুপাৰি চোৰ৷ আজি সন্ধিয়া ছয়গাঁৱৰ তিনি স্থানত ছয়গাঁও আৰক্ষীয়ে অভিযান চলাই ২৫ বস্তা চোৰাং চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে এই অভিযানত ৪ জন লোককো আটক কৰে৷ জানিব পৰা মতে, ছয়গাঁৱৰ বিভিন্ন এলেকাত বিভিন্ন চুৰি কাৰ্যত জড়িত একাংশ লোকে শেহতীয়াকৈ চুপাৰি চুৰি কাৰ্যত জড়িত হোৱাৰ তথ্য ছয়গাঁও আৰক্ষীৰ হাতত পৰে৷ চুৰি কাৰ্যৰ বিষয়ে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে৷ ছয়গাঁও আৰক্ষীয়ে বিগত তিনিদিন ধৰি চুপাৰি চোৰ কেইজনক কৰায়ত্ত কৰাৰ বাবে অভিযান আৰম্ভ কৰিছিল৷ দুদিন পূৰ্বে ছয়গাঁও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চোৰাং চুপাৰি জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰে৷ আজি সন্ধিয়াও ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভগৱান ডেকাৰ নেতৃত্বত ছয়গাঁৱৰ বিহাপাৰা, মাজগুমি আৰু আচলপাৰাত অভিযান চলাই ২৫ বেগ চোৰাং চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়৷ চুপাৰিখিনি নিজ নিজ ঘৰত আটকাধীন লোক কেইজন চোৰ কৰি আনি জমা কৰি ৰাখিছিল৷ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা লোক কেইজন হৈছে ভিতৰদুৱাৰৰ আয়নাল হক, গুমিৰ ৰুকুমুদ্দিন আহমেদ, জাৰপাৰাৰ ইয়াচিন আলী আৰু পাছগুমিৰ ময়দুল ইছলাম৷ বৰ্তমান ছয়গাঁও আৰক্ষীয়ে আটকাধীন চাৰিওজনকে জেৰা চলাই আছে৷ আনহাতে ছয়গাঁও অঞ্চলত সংঘটিত চুপাৰি চুৰি কাৰ্যৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি আৰক্ষী বিষয়া ভগৱান ডেকাই জানিবলৈ দিছে৷