উৰিয়ামঘাটৰ পৰা উদ্বীপ বৰাঃ সদৌ চুতীয়া জতি সন্মিলন আৰু ভগ্নী সংগঠন মহিলা সন্মিলনৰ উদ্যোগত অহা ৭ আৰু ৮ বহাগত চুঙাজানত দুদিনীয়া কাৰ্যসূচীৰে বিৰাংঙ্গনা সতী সাধনী দিৱস পালন কৰাৰ বাবে প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ চুঙাজান হেজাৰী প্ৰাথমিক বিদ্যালয়ত বিৰাংঙ্গনা সতী সাধনী দিৱস উদযাপন কৰা হ’ব৷ সদৌ চুতীয়া জতি সন্মিলনৰ ধনশিৰি জিলা সমিতি, চুতীয়া জাতি যুৱ সন্মিলনৰ ধনশিৰি জিলা সমিতি আৰু ১৭ খন চুতীয়া জাতি সন্মিলনৰ আঞ্চলিক সমিতিৰ সহযোগত বিৰাংঙ্গনা সতী সাধনী দিৱস পালন কৰা হ’ব৷ সাধনী দিৱসৰ সৈতে সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত সাহিত্য, দিহানাম, বিয়ানাম আৰু সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ধনশিৰি মহকুমাৰ দুজন আদৰ্শবান ব্যক্তিক ‘ৰন্তধজ্জ পাল বঁটা’ আৰু ‘সাধনী বঁটা’ৰে সন্মানিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।