ডিজিটেল ডেস্কঃ লাডাখৰ গলৱান সীমান্তত চীন আৰু ভাৰতীয় সেনাৰ মাজত হিংসাত্মক সংঘৰ্ষত ভাৰতৰ ২০গৰাকী বীৰ জোৱান শ্বহীদ হোৱাৰ লগতে চীনৰ ৪৩গৰাকী জোৱান আহত-নিহত হোৱা বুলি প্ৰকাশ পায়৷ এই সংঘাতৰ পিছৰে পৰা বিশ্বৰ কেইবাখনো দেশে চীনৰ বিৰুদ্ধে মত প্ৰকাশ হৈ থকাৰ সময়তে পুনৰ আমেৰিকাই চীনৰ কমিউনিষ্ট পাৰ্টীক তীব্ৰ সমালোচনা কৰে৷
ভাৰত-চীনৰ মাজত সীমা বিবাদক লৈ উত্তেজনাই বিৰাজ কৰি থকাৰ মাজতে আমেৰিকাই একপ্ৰকাৰ চীনক ধমক দিয়ে৷ আমেৰিকাই কয় যে চীন ভাৰতৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰিছে চীন৷ হোৱাইট হাউচৰ প্ৰেছ সচিব কেলী মেক্ৰনিয়ে ডলাল্ড ট্ৰাম্পৰ হৈ কয় যে সেই এলেকাত ভাৰতৰ লগতে অন্য দেশৰ প্ৰতি চীনৰ আক্ৰমণাত্মক স্বৰূপে কমিউনিষ্ট পাৰ্টীৰ ক্ষমতাৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে৷ পূৰ্ব লাডাখত ভাৰত আৰু চীনৰ মাজত সীমা বিবাদ চলি থকা বিষয়টোত আমেৰিকাই দৃষ্টি দি আছে৷ আমেৰিকাই এই বিষয়ত দুয়ো দেশৰ মাজত শান্তিপূৰ্ণ সমাধান বিচাৰে৷ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ নজৰো এই বিষয়ত আছে বুলি কয় প্ৰেছ সচিবগৰাকীয়ে৷