ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান চলাই থকাৰ সময়তে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ বিশেষ মন্তব্যই চৰ্চা লাভ কৰিছে৷ ৰাছিয়া-ইউক্ৰেইন যুদ্ধ সম্পৰ্কে পৰামৰ্শ দি মন্তব্য প্ৰকাশ কৰিছে। ৰিপাব্লিকান পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ দাতাসকলক সম্বোধন কৰি ট্ৰাম্পে কয় যে আমেৰিকাই এফ-২২ জেটত চীনা পতাকা লগাই ৰাছিয়াত বোমা বিস্ফোৰণ কৰা উচিত। ট্ৰাম্পে এই পৰামৰ্শ দি আৰু কয় যে আমি ক’ব লাগে যে চীনে এইটো কৰিছে৷ তেতিয়া ইজনে সিজনৰ সৈতে যুঁজিব। অৰ্থাৎ আমেৰিকাৰ চিৰ শত্ৰু চীন আৰু ৰাছিয়াৰ মাজত যুদ্ধ হ’ব৷ উল্লেখ্য যে, যোৱা ২৪ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা যুদ্ধত চীনে ৰাছিয়াক সমৰ্থন কৰি আহিছে৷ আমেৰিকাই সমৰ্থন কৰি আহিছে ইউক্ৰেইনক৷ তাৰ মাজতে আমেৰিকাৰ প্ৰধান বিৰোধী দলৰ এই মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে৷