March 30, 2023, 4:05 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

চিবিআইৰ তদন্তত সহযোগ নকৰিলে গ্ৰেপ্তাৰ হ’ব পাৰে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী…

Reporter Name
  • Update Time : Monday, August 24, 2020
  • 122 Time View

ডিজিটেল ডেস্কঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যু গোচৰত গ্ৰেপ্তাৰ হ’ব পাৰে অভিনেতাজনৰ প্ৰাক্তন প্ৰেয়সী তথা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী। সুশান্ত সিং ৰাজপুতৰ সৈতে অভিনেত্ৰীগৰাকীৰ সম্পৰ্কক লৈ ন ন তথ্য পোহৰলৈ আহি আছে প্ৰতিদিনে। শেহতীয়াকৈ সুশান্তৰ ৰান্ধনী নিৰজেই চিবিআইৰ সন্মুখত মন্তব্য কৰিছিল যে সুশান্তৰ ঘৰলৈ প্ৰায়ে আহ-যাহ আছিল ৰিয়া চক্ৰৱৰ্তী আৰু তেওঁৰ ভাতৃৰ।

সোমবাৰে মৃত অভিনেতা সুশান্ত সিং ৰাজপুতৰ পিতৃৰ হৈ অধিবক্তা বিকাশ সিঙে সংবাদ মাধ্যমৰ সন্মুখত কয় যে অভিনেতাজনৰ মৃত্যু গোচৰৰ তদন্ত চলাই থকা চিবিআইয়ে ইতিমধ্যে ৰিয়া চক্ৰৱৰ্তীলৈ চমন জাৰি কৰি চিবিআইৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিছে। চিবিআইয়ে গোচৰৰ তদন্তত ইতিমধ্যে বিভিন্নজনক সোধা পোছা অব্যাহত ৰাখিছে। যদি চিবিআইৰ তদন্তত ৰিয়াই সহযোগ নকৰে বা সোধা প্ৰশ্নৰ ভুল উত্তৰ দিয়ে, তেন্তে তদন্তকাৰী সংস্থাটোৱে ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰিব পাৰে।

সুশান্ত সিঙৰ পিতৃৰ অধিবক্তা বিকাশ সিঙে কয়, ‘এক কঠোৰ আৰু পৰিশ্ৰমী তদন্তৰ অন্তত চিবিআইয়ে ৰিয়ালৈ চমন জাৰি কৰিছে। তেওঁলোকে এই তদন্তৰ খাতিৰত সকলোকে পৰীক্ষা নিৰীক্ষা কৰিছে। এবাৰ তেওঁলোকে তেওঁৰ প্ৰাথমিক তদন্ত সম্পূৰ্ণ কৰাৰ পিছত ৰিয়াক সোধা পোছা কৰিব। যদি এই সোধাপোছাত ৰিয়াই সঠিক উত্তৰ নিদিয়ে বা তদন্তত সহযোগ নকৰে, তেন্তে তেওঁৰ গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। মই আশা কৰো তদন্তকাৰী সংস্থাটোৱে সঠিক বাটেৰে আগবাঢ়িবলৈ সক্ষম হ’ব।’

উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে সুশান্ত সিঙ গোচৰৰ তদন্তভাৰ লাভ কৰা চিবিআইয়ে এটা ১০জনীয়া বিশেষ দল মুম্বাইলৈ প্ৰেৰণ কৰে। চিবিআইৰ দলটোৱে মুম্বাইত সুশান্তৰ ৰান্ধনী নিৰজক সোধা পোছা কৰাৰ লগতে অভিনেতাজনৰ মৰোণত্তৰ পৰীক্ষা কৰা চিকিৎসকগৰাকীকো সোধাপোছা চলায়। আনহাতে সোমবাৰে চিবিআইৰ দলটো মৃত্যুৰ পিছত সুশান্তৰ মৃতদেহ ৰখা ক’পাৰ হাস্পতালতো উপস্থিত হৈ তদন্ত চলায়।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে