গৰু বহুৰ দিনটোতে বৃহস্পতিবাৰে ৰাজ্যৰ আগশাৰীৰ বামপন্থী নেতা ভোগেশ্বৰ দত্তই শেষ নিশ্বাস ত্যাগ কৰে৷ লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ অন্তর্গত জালভাৰী গাঁৱৰ বাসিন্দা ভোগেশ্বৰ দত্তই দীৰ্ঘদিন ধৰি অসুস্থ হৈ থাকি গুৱাহাটীৰ বাসভৱনত ১৪ এপ্ৰিলত মৃত্যুক আকোৱালি লয়৷ চিপিআইৰ অসম ৰাজ্যিক পৰিষদৰ প্ৰাক্তন সম্পাদক, কৃষক নেতা কমৰেড ভোগেশ্বৰ দত্তই ৮২ বছৰ দেহাৱসান ঘটে। চিপিআই দলৰ ৰাজ্যিক মুখপত্ৰ ‘জনমত’ কাকতৰ সম্পাদক পদত অধিষ্ঠিত হোৱাৰ লগতে শ্রমিক জনসাধাৰণৰ মুক্তিৰ বাবে কাম কৰিছিল। বাঁও ঐক্যৰ প্ৰবক্তা স্বৰূপ ভোগেশ্বৰ দত্ত চিপিআইএম দলৰ সৈতেও মধুৰ সম্পৰ্ক ৰক্ষা কৰি চলিছিল। শাৰীৰিক অসুস্থতাৰ বাবে আন্দোলন-সংগ্ৰামত জড়িত হ’ব পৰা নাছিল যদিও সমাজতন্ত্রৰ আদর্শৰ বাবে আন্দোলন-সংগ্ৰাম কৰাৰ পোষকতা কৰিছিল৷ শ্ৰমিক-কৃষক, দুখীয়া-নিছলা মেহনতি জনগণৰ মুক্তিৰ সংগ্ৰামত সমৰ্পিত ভোগেশ্বৰ দত্তই অন্তৰেৰে ঘৃণা কৰি ধৰ্মনিৰপেক্ষ প্ৰমূল্যসমূহক ৰক্ষাৰ হকে যুজঁ দিছিল। ভোগেশ্বৰ দত্তৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে বিভিন্নজনে৷ ইহংসাৰত পত্নী শশীপ্ৰভা দত্ত, পুত্র ভগতলাল আৰু অজয়ক এৰি থৈ যায়৷