গোলাঘাটঃ গোলাঘাট জিলা নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত চিচুপানী আঞ্চলিক সমিতিৰ সৌজন্যত ২৪ সংখ্যক অধিবেশন চিচুপানীৰ চাংখাতিত অনুষ্ঠিত হৈছে। তিনি দিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানটোত দ্বিতীয় দিনা ৰাষ্ট্ৰীয় আলোচনা সম্পন্ন হয়। আলোচন চক্ৰৰ সমল ব্যক্তি হিচাপে তিনিচুকীয়া কাকপথাৰৰ, ওদালগুৰি জিলাৰ মুঠ তিনিজন ব্যক্তি উপস্থিত থাকে। আলোচনাচক্ৰত মহিলা সবলীকৰনৰ বিষয়েও আলোচনা কৰা হয়। উল্লেখ্য যে বড়ো জন গোষ্ঠীৰ লগতে অন্য জনগোষ্ঠীৰ লোকসকলৰ মাজত একতা অনাত সহায়ক হব এই অধিবেশন বুলিও উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷