টীয়কঃ চৰকাৰে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ বাবে ভূমি অধিগ্ৰহণ কৰা টীয়কৰ ভূমিৰগৰাকীয়ে আজিও নাপালে অধিগ্ৰহণ কৰা মাটিৰ উচিত মূল্য৷
টীয়কৰ ক্ষতিগ্ৰস্ত ভূমিৰগৰাকীয়ে টীয়কৰ মাজমজিয়াত প্ৰতিবাদ সাব্যস্ত কৰি শীঘ্ৰে ভূমিৰ উতিত মূল্য আদায় দিয়াৰ দাবী জনায়৷
ক্ষতিগ্ৰস্তসকলে মাটিৰ মূল্য কমকৈ আদায় দিয়া বুলি আপত্তি দৰ্শাই থকাত ভূমি অধিগ্ৰহণ কৰ্তৃপক্ষই ভৱিষ্যতে মাটিৰ মূল্য সংশোধন কৰি উচিত মূল্য দিব বুলি আশ্বাস প্ৰদান কৰিছিল৷ গ্ৰাম্য অঞ্চলৰ দৰতে নিৰ্ধাৰণ হোৱা মূল্য ল’বলৈ আহ্বান জনাই যদিও এই পৰ্যন্ত বৰ্দ্ধিত মূল্য আদায় দিয়া নাই।
টীয়ক নগৰৰ মাটিৰ শ্ৰেণী গাঁও নে নগৰ অঞ্চলৰ অন্তৰ্ভুক্ত তাক স্পষ্ট নিৰ্দেশনা দিয়া, ভূমিৰ উচিত মূল্য দিয়া, সকলো ক্ৰুটি আঁতৰাই খৰটকীয়াকৈ পথৰ কাম আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনায়৷ দাবীসমূহ পূৰণ নোহোৱা পৰ্যন্ত কোনোধৰণৰ নিৰ্মাণৰ কাম কৰিব নিদিয়াৰো হুংকাৰ প্ৰদান কৰে ভূমিৰগৰাকীসকলে।
উল্লেখ্য যে, সদৌ অসম ছাত্ৰ সন্থা, জাতীয়বাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি ভালেসংখ্যক দল-সংগঠনে ক্ষতিগ্ৰস্ত ৰাইজৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়ােৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ যোৰহাটৰ সাংসদগৰাকীকো সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।